عن عُثْمَانَ بْنَ أَبِي الْعَاصِ رضي الله عنه:
أنه أَتَى النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَقَالَ: يَا رَسُولَ اللهِ، إِنَّ الشَّيْطَانَ قَدْ حَالَ بَيْنِي وَبَيْنَ صَلَاتِي وَقِرَاءَتِي يَلْبِسُهَا عَلَيَّ، فَقَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «ذَاكَ شَيْطَانٌ يُقَالُ لَهُ خِنْزَِبٌ، فَإِذَا أَحْسَسْتَهُ فَتَعَوَّذْ بِاللهِ مِنْهُ، وَاتْفُلْ عَلَى يَسَارِكَ ثَلَاثًا»، قَالَ: فَفَعَلْتُ ذَلِكَ فَأَذْهَبَهُ اللهُ عَنِّي.

[صحيح] - [رواه مسلم]
المزيــد ...

উছমান ইবনে আবিল আচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,
তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! চয়তানে মোৰ আৰু মোৰ নামাজ তথা কিৰাতৰ মাজত বাধা সৃষ্টি কৰে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "এইটো হৈছে এক প্ৰকাৰ চয়তান, যাৰ নাম হৈছে খিনঝিব। যেতিয়া তুমি ইয়াৰ উপস্থিতি অনুভৱ কৰিবা, তেতিয়া তুমি (আউজুবিল্লাহ পঢ়ি) তাৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰি তিনিবাৰ তোমাৰ বাওঁফালে থু পেলাবা।" তেওঁ কৈছেঃ ইয়াৰ পিছত মই এইটো পদ্ধতি অৱলম্বন কৰিলোঁ, ফলত আল্লাহে ইয়াক মোৰ পৰা আঁতৰাই দিলে।

ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

উছমান ইবনে আবিল আচ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! নামাজত চয়তানে মোক তিলাৱত কৰাত বাধা সৃষ্টি কৰে, লগতে খুশ্বু খুজু অৱলম্বনতো বাধা দিয়ে, আনকি কিৰাত পঢ়াৰ সময়ত মোক সন্দেহত পেলায়। এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ সেইটো হৈছে চয়তান, যাৰ নাম হৈছে খিনঝিব। যেতিয়া তুমি এই চয়তানৰ উপস্থিতি অনুভৱ কৰিবা, তেতিয়া তুমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা। লগতে অকণমান থু সহকাৰে তিনিবাৰ বাওঁফালে থু থু দিবা। উছমানে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শিকোৱাই দিয়া এই পদ্ধতিটো অৱলম্বন কৰাত আল্লাহে মোৰ পৰা সেই চয়তানটোক আঁতৰাই দিলে।

অনুবাদ: ইংৰাজী ফৰাচী তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা মালয়ালম ছাৱাহিলী তামিল বৰ্মী থাই পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নামাজত খুশ্বু খুজু অৱলম্বন কৰা আৰু অন্তৰ উপস্থিত ৰখাৰ গুৰুত্ব। কাৰণ চয়তান সদায় অসুবিধা আৰু সন্দেহ সৃষ্টি কৰাৰ চেষ্টা কৰে।
  2. নামাজত চয়তানৰ কুমন্ত্ৰণা সৃষ্টি হ'লে আউজুবিল্লাহ পঢ়াৰ লগতে বাওঁফালে থু থু পেলোৱা মুস্তাহাব।
  3. উক্ত হাদীছত এই কথাও বৰ্ণনা কৰা হৈছে যে, চাহাবাসকলে কিবা সমস্যাৰ সন্মুখীন হ'লে তৎক্ষণাত ইয়াৰ সমাধানৰ বাবে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈছিল।
  4. চাহাবাসকল জীৱিত অন্তৰৰ অধিকাৰী আছিল, সেয়ে তেওঁলোকে সদায় আখিৰাতক প্ৰাধান্য দিছিল।
অধিক