عن ابن عباس رضي الله عنهما أن النبي صلى الله عليه وسلم كان يقول بين السَّجدتَين: «اللَّهمَّ اغْفِرْ لي، وارْحَمْنِي، وعافِني، واهْدِني، وارزقْنِي».
[صحيح] - [رواه أبو داود]
المزيــد ...

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত: নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআ পাঠ কৰিছিল, "c2">“আল্লাহুম্মাগ ফিৰলি, অৰহামনী, ওৱা আফিনী, অহদিনী, অৰঝুকনী”। (হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোৰ প্রতি দয়া কৰা, মোক ৰক্ষা কৰা, মোক হিদায়ত দিয়া আৰু মোক জীৱিকা প্ৰদান কৰা।
ছহীহ - ইয়াক ইবনু মাজাহে বৰ্ণনা কৰিছে

ব্যাখ্যা

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই সংবাদ দিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআ পাঠ কৰিছিল, "c2">“আল্লাহুম্মাগ ফিৰলি, অৰ্থ হে আল্লাহ! মোক ক্ষমা কৰা”। অর্থাৎ, তেখেতে দুই ছাজদাৰ মাজত এই বুলি দুআ কৰিছিল। এই ক্ষেত্রত ফৰজ চালাত বা অন্য চালাতৰ মাজত কোনো পাৰ্থক্য নাই। বৰং সম্পূৰ্ণ চালাতেই হৈছে জিকৰ আৰু কোৰআন তিলাৱতৰ সমষ্টি। "c2">“ আল্লাহুম্মাগ ফিৰলি” দুআৰ দ্বাৰা বুজোৱা হৈছে যে, মোক জবাবদিহি নকৰাকৈ মোৰ গুনাহসমূহ ঢাকি দিয়ক। "c2">“অৰহামনী” অর্থাৎ আপোনাৰ ফালৰ পৰা মোক ৰহমত দান কৰক, এনেকুৱা ৰহমত যি ৰহমতে জবাবদিহি নকৰাকৈ গুনাহ ঢাকি ৰাখে, ইয়াৰ লগতে মোক পৃথিৱী আৰু আখিৰাতৰ কল্যাণৰ দ্বাৰা অনুগ্রহ দান কৰক। "c2">“ওৱা আফিনী” অর্থাৎ, আপুনি মোক নিৰাপত্তা দান কৰক দ্বীনৰ প্ৰত্যেক পাপকৰ্ম আৰু সন্দেহ-সংশয়ৰ পৰা, লগতে মোৰ শাৰীৰিক ৰোগ-ব্যাধি আৰু বেমাৰ-আজাৰৰ পৰা, এইদৰে উন্মাদনা আৰু বিবেকহীনতাৰ পৰাও মোক ৰক্ষা কৰা। আটাইতকৈ ডাঙৰ বেমাৰ হৈছে অন্তৰৰ ৰোগ বা মানসিক ৰোগ। এই বেমাৰ হোৱাৰ অন্যতম কাৰণ হৈছে বিভ্রান্তিকৰ সংশয় অথবা বিধ্বংসী প্রবৃত্তি। "c2">“অহদিনী” হিদায়ত হৈছে দুই প্রকাৰ: এক, সঠিক তথা সত্য পথৰ পিনে নির্দেশনা দিয়া বা পথ দেখোৱা। এইটো মুছলিম আৰু কাফিৰ সকলোৰে বাবে সমান। যেনে আল্লাহে কৈছে, "c2">“আৰু কাওমে ছামূদক আমি পথ দেখোৱাইছিলোঁ (হিদায়ত দিছিলোঁ)”। [ছুৰা ফুচ্ছিলাত, আয়াত: ১৭] অর্থাৎ আমি সিহঁতক সত্যৰ পথ দেখোৱাইছিলোঁ। দ্বিতীয়টো হৈছে, তাওফীক আৰু কবুলৰ হিদায়ত। এই হিদায়ত কেৱল মুমিনসকলেহে লাভ কৰে। এই দুআত এইটোকেই বুজোৱা হৈছে। ইয়াৰ অর্থ হৈছে মোক সত্যৰ পথ দেখুৱাওক আৰু তাৰ ওপৰত অটুট ৰাখক। "c2">“অৰঝুকনী” অর্থাৎ মোক এই পাৰ্থিৱ জীৱনত এনেকুৱা জীৱিকা দান কৰক, যাতে মই মানুহৰ ওচৰত হাত পাতিবলগীয়া নহয়। লগতে আখিৰাততো মোক প্ৰশস্ত জীৱিকা দান কৰিব, যিদৰে আপুনি আপোনাৰ পুৰস্কাৰ লাভ কৰা বান্দাসকলক দান কৰিছে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. দুই ছাজদাৰ মাজত ধীৰ স্থীৰভাৱে বহিব লাগে। এই বিষয়টো অন্যান্য হাদীছৰ দ্বাৰাও প্রমাণিত।
  2. দুই ছাজদাৰ মাজত (رب اغفر لي) ¬হে মোৰ প্ৰতিপালক! মোক ক্ষমা কৰক অথবা (اللهم اغفر لي) ¬হে আল্লাহ! মোক ক্ষমা কৰক“ এই বুলি দুআ কৰা ওৱাজিব।
  3. হাদীছত বৰ্ণিত শব্দৰ দ্বাৰাই দুই ছাজদাৰ মাজত দুআ কৰা উত্তম। আনহাতে অলপ হেৰফেৰ হ’লেও চালাত বাতিল নহ’ব।
অধিক