+ -

عَنِ الْبَرَاءِ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«إِذَا سَجَدْتَ، فَضَعْ كَفَّيْكَ وَارْفَعْ مِرْفَقَيْكَ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 494]
المزيــد ...

বাৰা' ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যেতিয়া তুমি ছাজদাহ কৰিবা, তেতিয়া তুমি তোমাৰ দুয়ো হাতৰ পতা মাটিত ৰাখিবা আৰু দুয়ো কিলাকুটি মাটিৰ পৰা ওপৰত ৰাখিবা।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 494]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত ছাজদা অৱস্থাত হাত কেনেকৈ ৰাখিব লাগে সেইটো উল্লেখ কৰিছে যে, ছাজদাত হাতৰ পতা মাটিত ৰাখিব লাগে আৰু আঙুলিবোৰ কিবলামুখী ৰাখিব লাগে। এইদৰে কিলাকুটি মাটিৰ পৰা ওপৰত থাকিব লাগে আৰু বাহু শৰীৰৰ কাষৰ পৰা আঁতৰত থাকিব লাগে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মুচল্লীয়ে ছাজদাত নিজৰ দুয়ো হাতৰ মণিবন্ধ পৰ্যন্ত (হাতৰ পতা) মাটিত ৰখা উচিত। যি সাতটা অংগৰ ওপৰত ভৰ কৰি ছাজদাহ কৰিব লাগে, তাৰে অন্যতম হৈছে এই দুটা।
  2. দুয়ো হাতৰ কিলাকুটি মাটিৰ পৰা ওপৰত ৰখাটো মুস্তাহাব। হিংস্ৰ প্ৰাণীয়ে যিদৰে দুয়ো বাহু পাৰি বহে, সেইদৰে ৰখাটো অপছন্দ কৰা হৈছে।
  3. ইবাদত কৰাৰ সময়ত উৎসাহ উদ্দীপনা আৰু সক্ৰিয়তা প্ৰকাশ কৰিব লাগে।
  4. মুচল্লীয়ে যেতিয়া ছাজদাহ কৰিবলগীয়া গোটেই অংগসমূহৰ ওপৰত ভৰ কৰি ছাজদাহ কৰে, তেতিয়া ইবাদতৰ প্ৰতিটো অংগৰ হক আদায় হয়।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম শ্বাহিলী থাই পুস্তু আমহাৰিক ডাচ গুজৰাটী নেপালী হাংগেৰী الموري আজেৰি
অনুবাদ চাওক
অধিক