+ -

عَنِ ‌ابْنِ أَبِي أَوْفَى رضي الله عنه قَالَ:
كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ إِذَا رَفَعَ ظَهْرَهُ مِنَ الرُّكُوعِ قَالَ: «سَمِعَ اللهُ لِمَنْ حَمِدَهُ، اللَّهُمَّ رَبَّنَا لَكَ الْحَمْدُ، مِلْءَ السَّمَاوَاتِ وَمِلْءَ الْأَرْضِ وَمِلْءَ مَا شِئْتَ مِنْ شَيْءٍ بَعْدُ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 476]
المزيــد ...

ইবনে আবি আওফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰুকুৰ পৰা উঠি পিঠি চিধা কৰি কৈছিলঃ "ছামি আল্লাহু লিমান হামিদাহ, আল্লাহুম্মা ৰাব্বানা লাকাল হাম্দ, মিলআচ ছামাৱাতি, অমিল আল আৰজি অমিলআ মা শ্বি'তা মিন শ্বাইয়িন বা'দ।" (অৰ্থঃ আল্লাহে প্ৰশংসাকাৰীৰ প্ৰশংসা শুনে। হে আল্লাহ আমাৰ প্ৰতিপালক, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ তোমাৰেই, যাৰ দ্বাৰা আকাশমণ্ডল আৰু পৃথিৱী পৰিপূৰ্ণ। ইয়াৰ বাহিৰেও তুমি যি যি ইচ্ছা কৰা সেইটোও পৰিপূৰ্ণ।)

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 476]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰুকুৰ পৰা উঠাৰ সময়ত কৈছিলঃ ছামি আল্লাহু লিমান হামিদাহ, অৰ্থাৎ যিয়ে আল্লাহৰ প্ৰশংসা কৰে আল্লাহে তাৰ কথাত সঁহাৰি দিয়ে, আৰু তাৰ সেই প্ৰশংসা কবূল কৰে লগতে ছোৱাব প্ৰদান কৰে। ইয়াৰ পিছত তেখেতে আল্লাহৰ প্ৰশংসা কৰি কৈছিলঃ "আল্লাহুম্মা ৰাব্বানা লাকাল হাম্দ, মিলআচ ছামাৱাতি, অমিল আল আৰজি অমিলআ মা শ্বি'তা মিন শ্বাইয়িন বা'দ।" এনেকুৱা প্ৰশংসা যি প্ৰশংসাই আকাশমণ্ডল আৰু পৃথিৱী তথা এই উভয়ৰ মধ্যৱৰ্তী ঠাইক পৰিপূৰ্ণ কৰে, ইয়াৰ বাহিৰেও আল্লাহে যিটোক পৰিপূৰ্ণ কৰিব বিচাৰে সেইটোকো পৰিপূৰ্ণ কৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মুচল্লীয়ে ৰুকুৰ পৰা উঠি উক্ত দুআটো পাঠ কৰা মুস্তাহাব।
  2. ৰুকুৰ পৰা উঠি পোন হৈ থিয় হ'ব লাগে। কাৰণ এই দুআটো শান্তভাৱে পোন হৈ থিয় নোহোৱাকৈ পঢ়া উচিত নহয়।
  3. ফৰজ হওক বা নফল নামাজ প্ৰত্যেক নামাজতে এই দুআটো পাঠ কৰা উচিত।
অনুবাদ: ইংৰাজী উৰ্দু ইন্দোনেচিয়ান উইঘোৰ বাংলা তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ওৰোমো কান্নাড়া الولوف আজেৰি ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক