عَنْ ‌وَرَّادٍ كَاتِبِ الْمُغِيرَةِ بْنِ شُعْبَةَ قَالَ: أَمْلَى عَلَيَّ الْمُغِيرَةُ بْنُ شُعْبَةَ فِي كِتَابٍ إِلَى مُعَاوِيَةَ:
أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كَانَ يَقُولُ فِي دُبُرِ كُلِّ صَلَاةٍ مَكْتُوبَةٍ: «لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ، وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ، اللَّهُمَّ لَا مَانِعَ لِمَا أَعْطَيْتَ، وَلَا مُعْطِيَ لِمَا مَنَعْتَ، وَلَا يَنْفَعُ ذَا الْجَدِّ مِنْكَ الْجَدُّ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 844]
المزيــد ...

মুগীৰাহ বিন শ্বুবাৰ লেখক অৰ্ৰাদৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মুগীৰাহ বিন শ্বুবাই মোৰ দ্বাৰা মুআৱিয়ালৈ এখন পত্ৰ লিখোৱালে যে,
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক ফৰজ নামাজৰ পিছতে এই দুআ পঢ়িছিলঃ "লা ইলা-হা ইল্লাল্লাহ, অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুলকু অলাহুল হাম্দ, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। আল্লাহুম্মা লা মা-নিআ লিমা আ'ত্বাইতা, অলা মু'ত্বিয়া লিমা মানা'তা, অলা য়ানফাউ যাল জাদ্দি মিনকাল জাদ্দ।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 844]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক ফৰজ নামাজৰ পিছতে এই দুআটো পঢ়িছিলঃ* "লা ইলা-হা ইল্লাল্লাহ, অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুলকু অলাহুল হাম্দ, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। আল্লাহুম্মা লা মা-নিআ লিমা আ'ত্বাইতা, অলা মু'ত্বিয়া লিমা মানা'তা, অলা য়ানফাউ যাল জাদ্দি মিনকাল জাদ্দ।"
অৰ্থাৎ মই কলিমা তাওহীদ স্বীকাৰ কৰি এই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, ইবাদতৰ যোগ্য একমাত্ৰ আল্লাহ তাআলা। সেয়ে মই তেওঁৰ বাহিৰে সকলোকে ইবাদতৰ উপযুক্ত হোৱাৰ পৰা অস্বীকাৰ কৰোঁ। গতিকে তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। লগতে এই কথা স্বীকাৰ কৰোঁ যে, প্ৰকৃত তথা পূৰ্ণাংগ ৰাজত্বৰ অধিকাৰী একমাত্ৰ আল্লাহ তাআলা। আকাশমণ্ডল আৰু পৃথিৱীবাসীৰ সকলো প্ৰকাৰ প্ৰশংসাৰ অধিকাৰী একমাত্ৰ মহান আল্লাহ। তেওঁ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান। আল্লাহে প্ৰদান কৰা আৰু বঞ্চিত কৰা আদি ক্ষেত্ৰত তেওঁক বাধা দিব পৰা কোনো নাই। তেওঁৰ ওচৰত কোনো ধনী ব্যক্তিৰ ধন সম্পদে একো উপকাৰ নকৰে। বৰং তেওঁৰ ওচৰত উপকাৰ সাধন কৰে কেৱলমাত্ৰ নেক আমলে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. এই দুআটো নামাজৰ পিছত পঢ়া মুস্তাহাব, য'ত তাওহীদৰ কথা আৰু আল্লাহৰ প্ৰশংসাক সামৰি লোৱা হৈছে।
  2. ছুন্নতসমূহ পালন কৰা আৰু প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা উচিত।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া الولوف আজেৰি উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية الخميرية البامبارية البنجابية الماراثية
অনুবাদ চাওক
অধিক