عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ قَالَ:
كَانَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَدْعُو وَيَقُولُ: «اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ عَذَابِ القَبْرِ، وَمِنْ عَذَابِ النَّارِ، وَمِنْ فِتْنَةِ المَحْيَا وَالمَمَاتِ، وَمِنْ فِتْنَةِ المَسِيحِ الدَّجَّالِ». وفِي لَفْظٍ لِمُسْلِمٍ: «إِذَا فَرَغَ أَحَدُكُمْ مِنَ التَّشَهُّدِ الْآخِرِ، فَلْيَتَعَوَّذْ بِاللهِ مِنْ أَرْبَعٍ: مِنْ عَذَابِ جَهَنَّمَ، وَمِنْ عَذَابِ الْقَبْرِ، وَمِنْ فِتْنَةِ الْمَحْيَا وَالْمَمَاتِ، وَمِنْ شَرِّ الْمَسِيحِ الدَّجَّالِ».

[صحيح] - [متفق عليه]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকৈ দুআ কৰি কৈছিলঃ " হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ কবৰৰ শাস্তিৰ পৰা, জাহান্নামৰ আজাবৰ পৰা, জীৱন আৰু মৰণৰ ফিতনাৰ পৰা, লগতে মছীহ দাজ্জালৰ ফিতনাৰ পৰা।" মুছলিমৰ এটা বৰ্ণনাত এইদৰে আছে যে, "যেতিয়া তোমালোকে শেষ তাশ্বাহহুদ সম্পন্ন কৰিবা, তেতিয়া চাৰিটা বস্তুৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিবা। জাহান্নামৰ শাস্তিৰ পৰা, কবৰৰ আজাবৰ পৰা, জীৱন-মৰণৰ ফিতনাৰ পৰা আৰু মছীহ দাজ্জালৰ অনিষ্টৰ পৰা।"

ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নামাজত অন্তিম তাশ্বাহহুদৰ পিছত আৰু ছালাম ফিৰোৱাৰ আগত চাৰিটা বস্তুৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছিল, লগতে তেখেতে আমাকো সেইবোৰৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰাৰ নিৰ্দেশ দিছে।
১) কবৰৰ শাস্তিৰ পৰা।
২) জাহান্নামৰ শাস্তিৰ পৰা, অৰ্থাৎ কিয়ামতৰ দিনা।
৩) জীৱনৰ ফিতনাৰ পৰা, যেনে- হাৰাম আশা-আকাংক্ষা আৰু পথভ্ৰষ্ট কৰিব পৰা সন্দেহৰ পৰা। মৃত্য়ুৰ ফিতনা যেনে- মৃত্যুৰ সময়ত ইছলামৰ পৰা তথা ছুন্নতৰ পৰা বিভ্ৰান্ত হোৱা, এইদৰে কবৰৰ ফিতনা যেনে- ফিৰিস্তাসকলৰ প্ৰশ্নৰ পৰা।
৪) মছীহ দাজ্জালৰ ফিতনাৰ পৰা, যাৰ আৱিৰ্ভাৱ শেষ জামানাত হ'ব। যাৰ দ্বাৰা আল্লাহে বান্দাসকলক পৰীক্ষা কৰিব। ইয়াত দাজ্জালৰ বিষয়টো বিশেষকৈ উল্লেখ কৰাৰ অৰ্থ হৈছে, ইয়াৰ ফিতনা বৰ ভয়ানক হ'ব, লগতে সি অধিকাংশ লোকক পথভ্ৰষ্ট কৰিব।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম ছাৱাহিলী তামিল থাই পুস্তু السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. এইটো হৈছে আশ্ৰয় প্ৰাৰ্থনামূলক এটা গুৰুত্বপূৰ্ণ দুআ। কাৰণ ইয়াৰ দ্বাৰা পৃথিৱী আৰু আখিৰাতৰ অনিষ্টৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰা হৈছে।
  2. কবৰৰ শাস্তি প্ৰমাণিত আৰু এইটো সত্য।
  3. ফিতনাৰ ভয়াৱহতা আৰু আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰাৰ গুৰুত্ব তথা নাজাতৰ দুআ কৰাৰ মহত্ব বুজোৱা হৈছে।
  4. দাজ্জালৰ আৱিৰ্ভাৱ হোৱাটো নিশ্চিত আৰু এইটো হৈছে এটা মহা ফিতনা।
  5. শেষ তাশ্বাহহুদৰ পিছত এই দুআটো পঢ়া মুস্তাহাব।
  6. নেক কামৰ পিছত দুআ কৰা মুস্তাহাব।
অধিক