+ -

كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، إِذَا كَبَّرَ فِي الصَّلَاةِ، سَكَتَ هُنَيَّةً قَبْلَ أَنْ يَقْرَأَ، فَقُلْتُ: يَا رَسُولَ اللهِ بِأَبِي أَنْتَ وَأُمِّي أَرَأَيْتَ سُكُوتَكَ بَيْنَ التَّكْبِيرِ وَالْقِرَاءَةِ، مَا تَقُولُ؟ قَالَ «أَقُولُ: @اللهُمَّ بَاعِدْ بَيْنِي وَبَيْنَ خَطَايَايَ كَمَا بَاعَدْتَ بَيْنَ الْمَشْرِقِ وَالْمَغْرِبِ*، اللهُمَّ نَقِّنِي مِنْ خَطَايَايَ كَمَا يُنَقَّى الثَّوْبُ الْأَبْيَضُ مِنَ الدَّنَسِ، اللهُمَّ اغْسِلْنِي مِنْ خَطَايَايَ بِالثَّلْجِ وَالْمَاءِ وَالْبَرَدِ».
[صحيح] - [متفق عليه]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাতৰ বাবে তাকবীৰ দিছিল, তেতিয়া তেখেতে কিৰাআত পাঠ কৰাৰ আগত কিছু সময় মৌন হৈ থাকিছিল। মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! মোৰ পিতৃ-মাতৃ আপোনাৰ প্ৰতি কুৰবান হওক, তাকবীৰ আৰু কিৰাআতৰ মাজত যিখিনি সময় আপুনি মৌন হৈ থাকে, সেইখিনি সময়ত আপুনি কি পাঠ কৰে? তেখেতে ক'লেঃ "মই এইটো পাঠ কৰোঁঃ আল্লাহুম্মা বায়িদ বাইনি অবাইনা খাত্বা-য়ায়া কামা বা-আত্তা বাইনাল মাশ্বৰিক্বি অল মাগৰিব। আল্লাহুম্মা নাক্কিনি মিন খাত্বা-য়ায়া কামা য়ুনাক্কাছ ছাউবুল আবয়াজু মিনাদ দানাছ। আল্লাহুম্মাগ ছিলনি মিন খাত্বা-য়ায়া বিছ ছালজি অল মা-য়ি অলবাৰাদ।"

صحيح - متفق عليه

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাতৰ বাবে তাকবীৰ দিছিল, তেতিয়া তেখেতে ছুৰা আল-ফাতিহা পাঠ কৰাৰ আগত কিছু সময় মৌন হৈ থাকিছিল। সেইখিনি সময়ত তেখেতে কিছুমান দুআ পাঠ কৰি চালাত আৰম্ভ কৰিছিল। এইখিনি সময়ত তেখেতে যিবোৰ দুআ পঢ়িছিল তাৰে অন্যতম হৈছেঃ "আল্লাহুম্মা বায়িদ বাইনি অবাইনা খাত্বা-য়ায়া কামা বা-আত্তা বাইনাল মাশ্বৰিক্বি অল মাগৰিব। আল্লাহুম্মা নাক্কিনি মিন খাত্বা-য়ায়া কামা য়ুনাক্কাছ ছাউবুল আবয়াজু মিনাদ দানাছ। আল্লাহুম্মাগ ছিলনি মিন খাত্বা-য়ায়া বিছ ছালজি অল মা-য়ি অলবাৰাদ।" তেখেতে সৰ্বশক্তিমান আল্লাহৰ ওচৰত এই বুলি দুআ কৰিছিল যে, মহান আল্লাহে যেন তেখেতৰ গুনাহ আৰু তেখেতৰ মাজত দূৰত্ব সৃষ্টি কৰি দিয়ে, যাতে তেখেত গুনাহত পতিত নহয়, ইমান দূৰত্ব হ'ব লাগে যাতে সাক্ষাৎ নহয়। যিদৰে পূৱ আৰু পশ্চিমৰ মাজত সাক্ষাৎ অসম্ভৱ। যদিও কেতিয়াবা গুনাহ হৈ যায় তেন্তে যাতে তেখেতক তাৰ পৰা পৰিষ্কাৰ কৰা হয়, যিদৰে বগা কাপোৰক ময়লাৰ পৰা পৰিষ্কাৰ কৰা হয়। তেওঁ যেন তেখেতৰ গুনাহসমূহক ধুই দিয়ে। আনকি গুনাহৰ উষ্ণতাক তেওঁ যেন পানী, বৰফ আৰু ঠাণ্ডা পানীৰে পৱিত্ৰ কৰি দিয়ে।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিচ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দী হাউছা পুৰ্তুগিজ ছাৱাহিলী থাই ছুইডিছ আমহাৰিক কিৰ্গিজ ইয়োৰুবা দাৰী
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. উচ্চস্বৰে পঢ়া চালাত হ'লেও দুআ এ ইস্তিফতাহ (প্ৰাৰম্ভিক দুআ) মনে মনে পঢ়িব লাগে।
  2. চাহাবায়ে কেৰাম ৰাদ্বিয়াল্লাহু আনহুম নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অৱস্থা আৰু গতি-বিধি সম্পৰ্কে জানিবলৈ অত্যন্ত আগ্ৰহী আছিল।
  3. দুআয়ে ইস্তিফতাহ কেইবাটাও আছে। গতিকে এই ক্ষেত্ৰত উত্তম হৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত তথা প্ৰমাণিত সেই দুআবোৰ কেতিয়াবা ইটো আৰু কেতিয়াবা সিটো পাঠ কৰা উচিত।
অধিক