عن أبي هُريرة رضي الله عنه مرفوعًا: «إذا قلتَ لصاحبك: أَنْصِتْ يوم الجمعة والإمام يَخْطُبُ، فقد لَغَوْتَ».
[صحيح] - [متفق عليه]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফু‘ হিচাপে বৰ্ণিত, "c2">“জুমু‘আৰ দিনা ইমামে খুতবা দিয়া অৱস্থাত যদি তুমি তোমাৰ সঙ্গীক চুপ থাকিবলৈ কোৱা তেন্তে তুমিও অনৰ্থক কাম কৰিলা।” ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)।
ছহীহ - মুত্তাফাক্ব আলাইহ
জুমু‘আৰ চালাতৰ বিশেষ নিদর্শন হৈছে দুই খুতবা। এই খুতবাৰ উদ্দেশ্য হৈছে মানুহক ওৱাজ-নছিহত কৰা আৰু দিশ-নিৰ্দেশনা দিয়া। আনহাতে শ্ৰোতাৰ ওৱাজিব শিষ্টাচাৰ হৈছে খুতবা দুটাক মনোযোগ সহকাৰে শ্ৰৱণ কৰা আৰু উপদেশবোৰ গভীৰভাৱে চিন্তা কৰা। সেইকাৰণেই নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে জুমু‘আৰ খুতবাৰ সময়ত কথা পাতিবলৈ নিষেধ কৰিছে; যদিও সেই কথা সামান্য পৰিমাণেই নহওক কিয়। উদাহৰণস্বৰূপে ওচৰৰ কোনো কথা পাতি থকা ব্যক্তিক যদি চুপ থাকিবলৈও কয় তথাপিও অনৰ্থক কাম কৰা বুলি বিবেচিত হ’ব। গতিকে ইমামে খুতবা দিয়াৰ সময়ত যদি কোনোবাই কথা পাতে তেন্তে সি অনর্থক কাম কৰা বুলি গণ্য হ’ব। ফলত সি জুমু‘আৰ ফজীলতৰ পৰা বঞ্চিত হ’ব। কিয়নো, সি এনেকুৱা কাম কৰিছে যিটো তাক আৰু আনকো খুতবা শুনাত ব্যাঘাত সৃষ্টি কৰিছে।