عن عَبْدِ اللهِ بْنِ عُمَرَ رضي الله عنهما قَالَ: سَمِعْتُ رَسُولَ اللهِ صلى الله عليه وسلم يَقُولُ:
«‌مَنْ ‌جَاءَ ‌مِنْكُمُ ‌الْجُمُعَةَ فَلْيَغْتَسِلْ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 894]
المزيــد ...

আব্দুল্লাহ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ তেখেতে কৈছেঃ
"তোমালোকৰ মাজৰ যিয়ে জুমুআত উপস্থিত হ'ব, তেওঁ যেন গোছল কৰি লয়।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 894]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত গুৰুত্ব প্ৰদান কৰিছে যে, যিয়ে জুমুআৰ নামাজত উপস্থিত হ'ব, তেওঁ গোছল কৰি অহাটো মুস্তাহাব। যিদৰে জানাবতৰ গোছল কৰা হয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. জুমুআৰ দিনা গোছল কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে। গতিকে মুমিন ব্যক্তিয়ে জুমুআৰ দিনা গোছল কৰি নামাজলৈ যোৱাটো উত্তম।
  2. পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি আগ্ৰহী হোৱা আৰু সুগন্ধি ব্যৱহাৰ কৰাটো হৈছে মুছলিমৰ বৈশিষ্ট্য তথা চৰিত্ৰ। বিষয়টো বেছি গুৰুত্বপূৰ্ণ হৈ পৰে মানুহৰ সৈতে সাক্ষাৎ কৰাৰ সময়ত আৰু কোনো বৈঠকত উপস্থিত হোৱাৰ সময়ত। বিশেষকৈ মানুহৰ উপস্থিতিত তথা জামাতত।
  3. হাদীছটোত সেইসকল লোকক সম্বোধন কৰা হৈছে যিসকলৰ ওপৰত জুমুআ ওৱাজিব। কাৰণ জুমুআত অহাটো তেওঁলোকৰ বাবেই অনিবাৰ্য্য।
  4. গতিকে জুমুআত উপস্থিত হোৱা ব্যক্তিয়ে পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ আহিব লাগে। গা-গোছল কৰি আহিব লাগে যাতে শৰীৰৰ পৰা কোনো ধৰণৰ গোন্ধ নাহে, লগতে আতৰ ব্যৱহাৰ কৰিব লাগে। আনহাতে যদি কেৱল অজু কৰি আহে তথাপিও কোনো অসুবিধা নাই।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (49)
অধিক