عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«أَسْرِعُوا بِالْجِنَازَةِ، فَإِنْ تَكُ صَالِحَةً فَخَيْرٌ تُقَدِّمُونَهَا، وَإِنْ يَكُ سِوَى ذَلِكَ، فَشَرٌّ تَضَعُونَهُ عَنْ رِقَابِكُمْ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 1315]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"জানাযা লৈ যোৱাৰ সময়ত তোমালোকে দ্ৰুত গতিত লৈ যাবা, কিয়নো যদি তেওঁ নেক ব্যক্তি হয় তেন্তে তোমালোকে তেওঁক কল্যাণৰ দিশত লৈ গৈ আছা, আৰু যদি তেওঁ বেলেগ কিবা হয় তেন্তে তোমালোকে নিজৰ কান্ধৰ পৰা অকল্যাণ দূৰ কৰিলা।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 1315]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত নিৰ্দেশ দিছে যে, মুৰ্দা ব্যক্তিৰ কাফন দাফন আৰু জানাযাৰ ক্ষেত্ৰত খৰখেদা কৰিব লাগে। কিয়নো যদি মুৰ্দা ব্যক্তিজন নেক ব্যক্তি হয়, তেন্তে তেওঁক তোমালোকে কল্যাণৰ প্ৰতি তথা কবৰত পাবলগীয়া নিয়ামতৰ প্ৰতি অগ্ৰসৰ কৰি আছা। আনহাতে যদি ব্যক্তিজন ইয়াৰ বিপৰীত হয়, তেন্তে তোমালোকে নিজৰ কান্ধৰ পৰা অকল্যাণহে দূৰ কৰিবা।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. ইবনু হাজাৰে কৈছেঃ দ্ৰুত গতিত লৈ যোৱাটো উত্তম। কিন্তু ইমান দ্ৰুত গতিতো নহয় যে, দ্ৰুত গতিত যোৱাৰ ফলত কোনো দুৰ্ঘটনা হোৱাৰ আশংকা থাকে, নাইবা বহনকাৰীৰ বাবে কষ্টকৰ হয়।
  2. সোনকালে দাফন কৰাৰ ক্ষেত্ৰত সতৰ্ক থাকিবলগীয়া বিষয়টো হৈছে এই যে, ব্যক্তিজনৰ মৃত্যু স্বাভাৱিক মৃত্যু হ'ব লাগিব, আকস্মিক মৃত্যু হ'লে এইটো নিশ্চিত হ'ব লাগিব যে, ব্যক্তিজনৰ সঁচাই মৃত্যু হৈছে নে নাই, নে অচেতন হৈ আছে। এইদৰে কাৰণবশতঃ দাফন কৰাত কিছু পলম কৰাতো কোনো অসুবিধা নাই, যেনে- অধিক মানুহ জানাযাত চামিল হোৱাৰ বাবে অপেক্ষা কৰা অথবা কোনো আত্মীয়ৰ বাবে অপেক্ষা কৰা। যদিহে মুৰ্দাৰ শৰীৰ বেয়া হোৱাৰ কোনো আশংকা নাথাকে।
  3. সোনকালে জানাযা কৰি দাফন কৰিবলৈ উৎসাহিত কৰা হৈছে, এই কাৰণে যে, যদি মৃত ব্যক্তি নেক হয় তেন্তে এইটো তাৰ বাবে কল্যাণকৰ। আনহাতে যদি মৃত ব্যক্তি ইয়াৰ বিপৰীত হয় তেন্তে এইটো জানাযাত চামিল হোৱা লোকৰ বাবে কল্যাণকৰ।
  4. ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াৰ দ্বাৰা এইটো শিক্ষা ল'ব লাগে যে, পাপী আৰু অসৎ লোকৰ সংগ ত্যাগ কৰিব লাগে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (38)