عن ابن عباس رضي الله عنهما عن النبي صلى الله عليه وسلم قال: «أمِرْت أن أسْجُد على سَبْعَة أعَظُم على الجَبْهَة، وأشار بِيَده على أنْفِه واليَدَين والرُّكبَتَين، وأطْرَاف القَدَمين ولا نَكْفِتَ الثِّياب والشَّعر».
[صحيح] - [متفق عليه]
المزيــد ...

ইবনে ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, "c2">“মোক সাতডাল হাড়ৰ (অংগৰ) ওপৰত ভৰ কৰি ছাজদাহ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সেইবোৰ হৈছে যেনে- কপাল আৰু তেখেতে হাতৰ দ্বাৰা ইংগিত কৰি নাক কপালৰ অন্তর্ভুক্ত বুলি কৈছিল। দুই হাত, দুই আঠু আৰু দুয়ো ভৰিৰ আঙুলিসমূহ, এই সাতটা অংগৰ ওপৰত। আমি চুলি আৰু কাপোৰ কোঁচাই লোৱা নাছিলোঁ।”
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

এটা হাদীছত আছে, "c2">“মোক আদেশ দিয়া হৈছে যে, মই যেন এনেকৈ ছাজদাহ কৰোঁ”। আন এটা বৰ্ণনাত আছে, "c2">“আমাক আদেশ দিয়া হৈছে”। বেলেগ আন এটা বৰ্ণনাত আছে, "c2">“ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আদেশ কৰিছে”। এই তিনিওটা বৰ্ণনা ইমাম বুখাৰীয়ে উল্লেখ কৰিছে। চৰীয়তৰ মৌলিক নিয়ম হৈছে এই যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক যি বিষয়ে আদেশ কৰা হয়, সেইটো তেখেতৰ আৰু তেখেতৰ উম্মত উভয়েৰে বাবে আদেশ। "c2">“সাতডাল হাড়ৰ ওপৰত” অর্থাৎ, মোক আদেশ কৰা হৈছে, মই যেন সাতটা অংগৰ ওপৰত ভৰ কৰি ছাজদাহ কৰোঁ। ইয়াত হাড়ৰ দ্বাৰা ছাজদাৰ অংগ বুজোৱা হৈছে। বেলেগ এটা বর্ণনাত ইয়াৰ ব্যাখ্যাও আহিছে। ইয়াৰ পিছত তেখেতে এই বুলি ব্যাখ্যা কৰিছে যে, "c2">“কপালৰ ওপৰত”। অর্থাৎ, মোক নাকসহ কপালৰ ওপৰত ছাজদাহ কৰিবলৈ আদেশ কৰা হৈছে। এই হাদীছটোতেই এই কথাটোও উল্লেখ আছে যে, তেখেতে নাকৰ পিনে ইংগিত কৰি দেখুৱাইছিল যে, নাক আৰু কপালক এটা অংগ বুলিয়ে গণ্য কৰা হ’ব। "c2">“দুই হাত” অর্থাৎ দুই হাতৰ তালুৰ ওপৰত। দুই হাতৰ দ্বাৰা ইয়াকেই বুজোৱা হৈছে। দুই আঠু আৰু দুয়ো ভৰিৰ আঙুলিবোৰৰ ওপৰত। অর্থাৎ মোক নির্দেশ দিয়া হৈছে যে, মই যেন দুই আঠু আৰু দুয়ো ভৰিৰ আঙুলিসমূহৰ ওপৰত ছাজদাহ কৰোঁ। ইপিনে চালাতৰ পদ্ধতি অধ্যায়ত আবু হুমাইদ আচ-ছায়িদীৰ হাদীছত বৰ্ণিত আছে যে, ছাজদাৰ অৱস্থাত তেখেতে দুয়ো ভৰিৰ আঙুলিসমূহক কিবলামুখী কৰিছিল। "c2">“আমি যেন চুলি আৰু কাপোৰ কোচাই নলওঁ”। الكَفْت (আল `কাফত‘) শব্দৰ অর্থ হৈছে, একত্রিত কৰা বা কোঁচাই লোৱা। অর্থাৎ, ৰুকূ আৰু ছাজদাহ কৰাৰ সময়ত কাপোৰ আৰু চুলি যেতিয়া খেলিমেলি হয় তেতিয়া আমি যেন সেইবোৰ একত্ৰিত নকৰোঁ বা কোচাই নলওঁ। বৰং সেইবোৰক সেই অৱস্থাতে যাতে থাকিব দিওঁ। সকলো অংগ, কাপোৰ আৰু চুলি যি অৱস্থাত আছে সেই অৱস্থাতে ছাজদাহ কৰিব লাগে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. সাতটা অংগৰ ওপৰত ছাজদাহ কৰা ওৱাজিব। কাৰণ আদেশৰ অৰ্থ হৈছে সেই বিষয়টো ওৱাজিব।
  2. নাক এৰি কেৱল কপালেৰে অথবা কপাল এৰি কেৱল নাকৰ ওপৰত ভৰ কৰি ছাজদাহ কৰিলে ছাজদাহ শুদ্ধ নহ’ব। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কপালৰ কথা উল্লেখ কৰাৰ সময়ত নাকৰ পিনেও ইংগিত কৰিছিল।
  3. উল্লিখিত সকলো অংগৰ ওপৰত ছাজদাহ কৰা ওৱাজিব। সেইবোৰৰ মাজৰ কিছুমান অংগৰ ওপৰত ছাজদাহ কৰিলে ছাজদাহ শুদ্ধ নহ’ব। সক্ষম অনুযায়ী কপাল মাটিৰ ওপৰত ৰাখিব লাগিব।
  4. হাদীছটোৰ বাহ্যিক অর্থৰ দ্বাৰা বুজা যায়, এই অংগবোৰৰ কোনো এটা খোলা ৰখা ওৱাজিব নহয়। কাৰণ এই অংগবোৰত কাপোৰ থাকক বা খোলা থাকক মাটিত ৰাখিলেই ছাজদাহ কৰা বুজাব। লগতে এই বিষয়েও কোনো মতবিৰোধ নাই যে, দুয়ো আঠু খোলা ৰখা ওৱাজিব নহয়, যদিও আওৰাহ উন্মুক্ত হোৱাৰ আশংকা থাকে। এইদৰে দুয়ো ভৰি, কাৰণ মোজা পৰিধান কৰি চালাত আদায় কৰা বৈধ।
  5. চালাতত বাৰে বাৰে কাপোৰ কোচাই লোৱা মাকৰূহ।
  6. মূৰৰ পিছফালে চুলি বান্ধি ৰখা বা বেণু গাঁথি ৰখা পুৰুষৰ বাবে মাকৰূহ। এইটো চালাতত ইচ্ছাকৃতভাৱেই কৰক বা চালাতৰ পূর্বৰ পৰাই থাকক বা আন কোনো উদ্দেশ্যে কৰক। এনেকুৱা কৰিলে ইয়াৰ এইটোও এটা অৰ্থ হ’ব পাৰে যে, সি বিনা প্রয়োজনত বেলেগ এটা অৱস্থাত চালাত আদায় কৰিলে।
অধিক