عَنْ عَائِشَةَ أُمِّ المُؤْمِنين رَضيَ اللهُ عنها قَالَتْ:
كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَسْتَفْتِحُ الصَّلَاةَ بِالتَّكْبِيرِ، وَالقِرَاءَةِ، بِـ الحَمْدُ لِلَّهِ رَبِّ العَالَمِينَ، وَكَانَ إِذَا رَكَعَ لَمْ يُشْخِصْ رَأْسَهُ وَلَمْ يُصَوِّبْهُ، وَلَكِنْ بَيْنَ ذَلِكَ، وَكَانَ إِذَا رَفَعَ رَأْسَهُ مِنَ الرُّكُوعِ لَمْ يَسْجُدْ حَتَّى يَسْتَوِيَ قَائِمًا، وَكَانَ إِذَا رَفَعَ رَأْسَهُ مِنَ السَّجْدَةِ لَمْ يَسْجُدْ حَتَّى يَسْتَوِيَ جَالِسًا، وَكَانَ يَقُولُ فِي كُلِّ رَكْعَتَيْنِ التَّحِيَّةَ، وَكَانَ يَفْرِشُ رِجْلَهُ اليُسْرَى وَيَنْصِبُ رِجْلَهُ اليُمْنَى، وَكَانَ يَنْهَى عَنْ عُقْبَةِ الشَّيْطَانِ، وَيَنْهَى أَنْ يَفْتَرِشَ الرَّجُلُ ذِرَاعَيْهِ افْتِرَاشَ السَّبُعِ، وَكَانَ يَخْتِمُ الصَّلَاةَ بِالتَّسْلِيمِ.
[صحيح] - [رواه مسلم] - [صحيح مسلم: 498]
المزيــد ...
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তাকবীৰৰ জৰীয়তে নামাজ আৰম্ভ কৰিছিল আৰু আলহাম্দুলিল্লাহি ৰাব্বিল আলামীনৰ দ্বাৰা কিৰাআত আৰম্ভ কৰিছিল। তেখেতে যেতিয়া ৰুকু কৰিছিল, তেতিয়া মূৰ বেছি ওপৰলৈ তুলিও নাৰাখিছিল আৰু বেছি নিম্নগামী কৰিও নাৰাখিছিল, বৰং পিঠি আৰু মূৰ সমতল কৰি ৰাখিছিল। তেখেতে যেতিয়া ৰুকুৰ পৰা মূৰ তুলিছিল, তেতিয়া তেখেতে পোন হৈ থিয় নোহোৱা পৰ্যন্ত ছাজদাহ কৰা নাছিল। তেখেতে (প্ৰথম) ছাজদাৰ পৰা উঠি স্থিৰভাৱে পোন হৈ নবহালৈকে পুনৰ (দ্বিতীয়) ছাজদাহ কৰা নাছিল। তেখেতে প্ৰত্যেক দুই ৰাকাতৰ অন্তত আত্তাহিয়্যাতু পাঠ কৰিছিল। তেখেতে বহাৰ সময়ত বাওঁ ভৰি পাৰি ৰাখিছিল আৰু সোঁ ভৰি থিয় কৰাই ৰাখিছিল। তেখেতে চয়তানৰ দৰে বহিবলৈ নিষেধ কৰিছে। এইদৰে তেখেতে পুৰুষসকলক হিংস্ৰ জন্তুৰ দৰে দুই হাত প্ৰসাৰিত কৰিবলৈ নিষেধ কৰিছে। তেখেতে ছালামৰ মাধ্যমত নামাজ শেষ কৰিছিল।
[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 498]
হাদীছটোত উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নামাজ পঢ়াৰ পদ্ধতি বৰ্ণনা কৰিছে যে, তেখেতে তাকবীৰে তাহৰীমাৰ জৰিয়তে অৰ্থাৎ আল্লাহু আকবাৰ বুলি কৈ নামাজ আৰম্ভ কৰিছিল। এইদৰে তেখেতে ছুৰা ফাতিহাৰ জৰিয়তে কিৰাআত পাঠ কৰা আৰম্ভ কৰিছিল। আলহামদুলিল্লা-হি ৰাব্বিল আলামীন।..... তেখেতে কিয়ামৰ পিছত যেতিয়া ৰুকু কৰিছিল, তেতিয়া ৰুকুৰ সময়ছোৱাত তেখেতে নিজৰ মূৰ পিঠিৰ সমপৰ্যায়ত সমতলভাৱে ৰাখিছিল, বেছি ওখতো ৰখা নাছিল আৰু তলফালে বেছি হালি থকাও নাছিল। তেখেতে ৰুকুৰ পৰা উঠি সম্পূৰ্ণৰূপে পোন হৈ থিয় দিছিল, তাৰ পিছতহে ছাজদাহ কৰিছিল। এইদৰে তেখেতে যেতিয়া প্ৰথম ছাজদাৰ পৰা উঠিছিল তেতিয়া পোন হৈ স্থিৰভাৱে বহিছিল, তাৰ পিছত পুনৰ দ্বিতীয় ছাজদাহ কৰিছিল। তেখেতে প্ৰত্যেক দুই ৰাকাতৰ পিছত তাশ্বাহহুদৰ বাবে বহিছিল। এই বৈঠকত তেখেতে এই দুআ পাঠ কৰিছিল, «التحيات لله والصلوات والطيبات...» । তেখেতে দুই ছাজদাৰ মাজত অথবা তাশ্বাহহুদত যেতিয়া বহিছিল তেতিয়া বাওঁ ভৰি পাৰি বহিছিল আৰু সোঁ ভৰি থিয় কৰি ৰাখিছিল। তেখেতে নামাজত চয়তানৰ দৰে বহিবলৈ নিষেধ কৰিছে। অৰ্থাৎ দুই ভৰি মাটিত পাৰি ভৰিৰ গোৰোহাৰ ওপৰত বহিবলৈ। অথবা নিতম্ব মাটিত স্পৰ্শ কৰোৱাই সন্মুখৰ ফালে ভৰি দুটা থিয়কৈ ৰাখি বহিবলৈ নিষেধ কৰিছে, এইদৰে কুকুৰ নিচিনা হাত দুটা প্ৰসাৰিত কৰিবলৈ নিষেধ কৰিছে। লগতে ছাজদাৰ কৰাৰ সময়ত হিংস্ৰ প্ৰাণীৰ দৰে দুয়ো হাত প্ৰসাৰিত কৰি ৰাখিবলৈ নিষেধ কৰিছে। তেখেতে ছালামৰ জৰিয়তে নামাজ শেষ কৰিছিল। এবাৰ সোঁফালে আৰু এবাৰ বাওঁফালে আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ বুলি কৈছিল।