عن عائِشَة رضي الله عنها مرفوعاً: «لا صلاة بِحَضرَة طَعَام، وَلا وهو يُدَافِعُه الأَخبَثَان».
[صحيح] - [رواه مسلم]
المزيــد ...
আইশ্বা ৰাদ্বিয়াল্লাহু ‘আনহাৰ পৰা মাৰফূ হিচাপে বৰ্ণিত, "c2">“পানাহাৰ উপস্থিত হোৱাৰ পিছত কোনো চালাত নাই, আৰু শৌচ-প্ৰস্ৰাৱৰ চাপ থকা অৱস্থাতো কোনো চালাত নাই।” ছহীহ - এইটো মুছলিমে বর্ণনা কৰিছে।
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে
এই হাদীছটোৱে চালাতত আল্লাহৰ সন্মুখত অৱস্থান কৰাৰ সময়ত মুছল্লিৰ অন্তৰ মনোযোগী ৰাখিবলৈ চৰীয়তৰ আগ্রহক গুৰুত্বসহ দাঙি ধৰিছে। কিন্তু এই মনোযোগ ব্যস্ততাৰ পৰা মুক্ত নোহোৱাকৈ কেতিয়াও অৰ্জন কৰিব নোৱাৰি, যি ব্যস্ততাই প্ৰশান্তি আৰু একাগ্রতাৰ প্ৰতিন্ধক হৈ থিয় দিয়ে। সেইকাৰণেই শ্বাৰে‘ (অৰ্থাৎ চৰী‘য়ত প্ৰণেতাই) যি খাদ্যৰ প্ৰতি চালাত আদায়কাৰীৰ আগ্রহ আছে আৰু তাৰ অন্তৰ যি খাদ্যৰ সৈতে সম্পৃক্ত থাকে সেই খাদ্য উপস্থিত হ’লে চালাত আদায় কৰিবলৈ নিষেধ কৰিছে। অনুৰূপভাৱে যেতিয়া প্ৰস্ৰাৱ-পায়খানাই চাপ সৃষ্টি কৰে সেই সময়তো চালাত আদায় কৰিবলৈ নিষেধ কৰিছে। কাৰণ, সেই সময়ত তাৰ অন্তৰ কষ্ট দূৰ কৰিবলৈ ব্যস্ত থাকে।