+ -

عن أنس بن مالك رضي الله عنه عن النبي صلى الله عليه وسلم قال:
«مَنْ نَسِيَ صَلَاةً فَلْيُصَلِّ إِذَا ذَكَرَهَا، لَا كَفَّارَةَ لَهَا إِلَّا ذَلِكَ: {وَأَقِمِ الصَّلاةَ لِذِكْرِي} [طه: 14]».

[صحيح] - [متفق عليه] - [صحيح البخاري: 597]
المزيــد ...

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যদি কোনোবাই কোনো এটা নামাজ পঢ়িবলৈ পাহৰি যায়, তেন্তে যেতিয়াই মনত পৰিব তেতিয়াই পঢ়ি লব লাগিব। ইয়াৰ বাহিৰে সেই নামাজৰ আন কোনো কাফ্ফাৰা নাই।" (কিয়নো আল্লাহে কৈছে) "আৰু মোৰ স্মৰণাৰ্থে চালাত কায়েম কৰা"(ছুৰা ত্বাহাঃ ১৪)

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 597]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, যদি কোনোবাই ফৰজ নামাজ পঢ়িবলৈ পাহৰি যায় আৰু ইপিনে নামাজৰ সময় পাৰ হৈ যায় তেন্তে সেই নামাজৰ কথা মনত পৰাৰ লগে লগে তেওঁ ততাতৈয়াকৈ সেই নামাজটো পঢ়ি লব লাগিব। মনত পৰাৰ পিছত এই নামাজ নপঢ়াকৈ ইয়াৰ কোনো কাফফাৰাহ নাই। পৱিত্ৰ কোৰআনত মহান আল্লাহে কৈছেঃ "আৰু মোৰ স্মৰণাৰ্থে তোমালোকে চালাত প্ৰতিষ্ঠা কৰা।" (ছুৰা ত্বাহাঃ ১৪)

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত নামাজৰ গুৰুত্ব বৰ্ণিত হৈছে, আৰু ইয়াৰ আদায় আৰু কাজা পালনত অৱহেলা কৰিবলৈ নিষেধ কৰা হৈছে।
  2. উচিত কোনো কাৰণ নোহোৱাকৈ নিৰ্দিষ্ট সময়ৰ পৰা নামাজ পলম কৰা বৈধ নহয়।
  3. পাহৰি যোৱা ব্যক্তিয়ে মনত পৰাৰ পিছত আৰু টোপনিত থকা ব্যক্তিয়ে সাৰ পোৱাৰ পিছত লগে লগে নামাজ পঢ়ি লোৱাটো বাধ্যতামূলক।
  4. কাজা নামাজ পলম নকৰাকৈ পঢ়ি লোৱাটো বাধ্যতামূলক, যদিও নিষিদ্ধ সময়তে নহওক কিয়।
অনুবাদ: ইংৰাজী উৰ্দু ইন্দোনেচিয়ান উইঘোৰ বাংলা তুৰ্কী বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া الولوف আজেৰি ইউক্ৰেইনীয়ান الجورجية
অনুবাদ চাওক
অধিক