عن بريدة رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم:
«إِنَّ الْعَهْدَ الَّذِي بَيْنَنَا وَبَيْنَهُمُ الصَّلَاةُ، فَمَنْ تَرَكَهَا فَقَدْ كَفَرَ».

[صحيح] - [رواه الترمذي والنسائي وابن ماجه وأحمد] - [سنن النسائي: 463]
المزيــد ...

বুৰাইদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
আমাৰ (মুছলিম) আৰু সিহঁতৰ (অমুছলিমৰ) মাজত (মুক্তিৰ) যি প্ৰতিশ্ৰুতি আছে, সেয়া হৈছে চালাত। এতেকে যিয়ে ইয়াক পৰিত্যাগ কৰে, সি কুফৰী কৰে।

[ছহীহ] - [(তিৰমিজী, ইবনে মাজাহ, নাছায়ী, আহমদ)] - [ছুনান নাছায়ী - 463]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, মুছলিম আৰু অন্যান্য লোক যেনে- কাফিৰ মুনাফিক আদিৰ মাজত যি প্ৰতিশ্ৰুতি আছে সেইটো হৈছে নামাজ। যিয়ে এই নামাজ পৰিত্যাগ কৰে, সি কুফৰী কৰে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. নামাজৰ মহত্ত্ব। কাৰণ এইটোৱে হৈছে মুমিন আৰু কাফিৰৰ মাজত পাৰ্থক্যকাৰী।
  2. আভ্যন্তৰীণ অৱস্থাৰ পৰিবৰ্তে বাহ্যিক ইছলামিক বিধান পালনৰ প্ৰমাণ।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (60)
অধিক