শ্ৰেণীবিন্যাস: আক্বীদাহ . নাম আৰু বিধি-বিধান .
+ -

عن بعض أزواج النبي صلى الله عليه وسلم عن النبي صلى الله عليه وسلم قال:
«مَنْ أَتَى عَرَّافًا فَسَأَلَهُ عَنْ شَيْءٍ لَمْ تُقْبَلْ لَهُ صَلَاةٌ أَرْبَعِينَ لَيْلَةً».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 2230]
المزيــد ...

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো এজনী স্ত্ৰীয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে, তেখেতে কৈছেঃ
"যি ব্যক্তিয়ে গণকৰ ওচৰলৈ গৈ তাক কিবাকিবি সোধে আৰু সেই গণকৰ কথাক বিশ্বাস কৰে। চল্লিশ দিনলৈ সেই ব্যক্তিৰ চালাত (নামাজ) কবুল নহয়।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2230]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গণক তথা ভৱিষ্যৎ বক্তা আদিৰ ওচৰলৈ যোৱাৰ পৰা সতৰ্ক কৰিছে। ভৱিষ্যৎ বক্তাৰ দ্বাৰা, গণক, জ্যোতিষি আদিক বুজোৱা হৈছে, যিসকলে গ্ৰহ-নক্ষত্ৰ আৰু জ্যোতিষি বিদ্যাৰ সহায়ত গায়েব জনা বুলি দাবী কৰে। এইটো ইমান ভয়াৱহ গুনাহ যে, কেৱল অদৃশ্য জ্ঞান সম্পৰ্কে জানিবলৈ কিবা সুধিলে আল্লাহে চল্লিছ দিনৰ নামাজৰ ছোৱাব বাতিল কৰি দিয়ে। এইটোৱে হৈছে এই মহাপাপৰ শাস্তি।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. গণকগিৰি কৰা আৰু গণকৰ ওচৰলৈ যোৱা তথা অদৃশ্য সম্পৰ্কে সোধ-পোচ কৰা আদি হাৰাম।
  2. কেতিয়াবা কেতিয়াবা গুনাহৰ কৰ্মৰ ফলত শাস্তি হিচাপে মানুহে সৎকৰ্মৰ ছোৱাবৰ পৰা বঞ্চিত হয়।
  3. গ্ৰহ-নক্ষত্ৰক কেন্দ্ৰ কৰি কোৱা কথা, বাটি-পিয়লা আদি চালান কৰা, ৰাশিফল বিশ্বাস কৰা আদি সকলো এই হাদীছৰ অন্তৰ্ভুক্ত। আনকি জনাৰ উদ্দেশ্যেও এইবোৰ কৰা হাৰাম। কাৰণ এই সকলোবোৰ হৈছে জ্যোতিষি বিদ্যাৰ অন্তৰ্ভুক্ত আৰু সেইসকল লোকৰ কৰ্ম, যিসকলে গায়েব জানে বুলি দাবী কৰে।
  4. হাদীছটোত উল্লেখিত শাস্তিটোৰ বিষয়ে চিন্তা কৰকচোন, কেৱল গণকৰ ওচৰলৈ গ'লেই যদি এই শাস্তি হয় তেন্তে স্বয়ং গণকৰ কি শাস্তি হ'ব পাৰে?
  5. চল্লিছ দিনৰ নামাজ আদায় হ'ব কিন্তু কেৱল ছোৱাবৰ পৰা বঞ্চিত হ'ব। কিন্তু যদি কোনোবাই ছোৱাব নাপাব বুলি নামাজটোকেই পৰিত্যাগ কৰে তেন্তে সি আন এটা গুনাহত লিপ্ত হ'ব।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
শ্ৰেণীবিন্যাসসমূহ
অধিক