عن ابن عباس رضي الله عنهما قال: قال رسول الله صلى الله عليه وسلم : "من اقتَبَس شُعْبَة من النُّجوم؛ فقد اقتَبَسَ شُعْبة من السِّحْر، زاد ما زاد".
[صحيح] - [رواه أبو داود وابن ماجه وأحمد]
المزيــد ...

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, "c2">“যিয়েই জ্যোতিষী বিদ্যাৰ কিছু শিক্ষা গ্ৰহণ কৰে, সি দৰাচলতে যাদু বিদ্যাৰ এটা শাখা আয়ত্ত কৰে। ইয়াৰ পিছত সি যিমানেই শিকিব, যাদু বিদ্যাৰ ক্ষেত্ৰত সি সিমানেই গভীৰতা অৰ্জন কৰিব।”
ছহীহ - ইয়াক ইবনু মাজাহে বৰ্ণনা কৰিছে

ব্যাখ্যা

যিহেতু আল্লাহে গায়েবী বিষয়বোৰ নিজৰ বাবে নিৰ্দিষ্ট কৰি ৰাখিছে, সেয়ে ইয়াৰ গোপনীয়তা তথা ইয়াৰ পৰ্দা উন্মুক্ত কৰাৰ চেষ্টাক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বাতিল ঘোষণা কৰিছে। সেই গায়েবী বিষয়বোৰৰ এটা হৈছে জ্যোতিষী বিদ্যা। এই বিদ্যাৰ জৰিয়তে নক্ষত্রৰাজিৰ অৱস্থাৰ দ্বাৰা পৃথিৱীত সংঘটিত হ’বলগীয়া বিভিন্ন ঘটনাৰ প্রমাণ দিয়া হয়। নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে বর্ণনা কৰিছে যে, এইটো হৈছে এক প্রকাৰ যাদু। এনেকুৱা বিষয়ত মানুহে যিমানেই আগুৱাই যাব, সিমানেই বেছি যাদুৰ দ্বাৰা প্রভাৱিত হ’ব।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নক্ষত্রৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি ভৱিষ্যৎ সম্পর্কে সংবাদ দিয়া হাৰাম। কিয়নো ইয়াৰ দ্বাৰা ইল্মে গায়েব দাবী কৰা বুজায়।
  2. জ্যোতিষী বিদ্যা হৈছে যাদুৰ এটা প্রকাৰ, আৰু ই তাওহীদৰ পৰিপন্থী।
  3. জ্যোতিষীবিদ্যাৰ শিক্ষা যিমানেই বৃদ্ধি পাব, যাদু বিদ্যাও সিমানেই বৃদ্ধি পাব।
  4. যাদু বিদ্যা বিভিন্ন শাখা-প্রশাখাত বিভক্ত।
অধিক