عن جابرٍ رضي الله عنه قال: سمعت النبي صلى الله عليه وسلم يقول:
«إِنَّ بَيْنَ الرَّجُلِ وَبَيْنَ الشِّرْكِ وَالْكُفْرِ تَرْكَ الصَّلَاةِ».

[صحيح] - [رواه مسلم]
المزيــد ...

জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ
"বান্দা আৰু শ্বিৰ্ক তথা কুফৰৰ মাজত পাৰ্থক্য হৈছে চালাত পৰিত্যাগ কৰা।"

ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফৰজ নামাজ পৰিত্যাগ কৰাৰ পৰা সতৰ্ক কৰিছে। তেখেতে কৈছে যে, নামাজ পৰিত্যাগ কৰাটো হৈছে শ্বিৰ্ক আৰু কুফৰী কৰাৰ দৰে। নামাজ হৈছে ইছলামৰ দ্বিতীয় ৰুকন। ইছলামত ইয়াৰ গুৰুত্ব অধিক। যিয়ে ইয়াক অস্বীকাৰ কৰি পৰিত্যাগ কৰিব, মুছলিমসকলৰ ইজমা মতে সি হৈছে কাফিৰ। আনহাতে যিয়ে অৱহেলা কৰি পৰিত্যাগ কৰিব সি কুফৰী কৰিব। এই বিষয়ে চাহাবাসকলৰ পৰা ইজমা প্ৰমাণিত আছে। যদি ব্যক্তিয়ে কেতিয়াবা পঢ়ে আৰু কেতিয়াবা পৰিত্যাগ কৰে তেন্তে সি এই কঠোৰ সতৰ্কবাণীৰ অন্তৰ্ভুক্ত হ'ব।

অনুবাদ: ইংৰাজী ফৰাচী তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নামাজৰ গুৰুত্ব অনুধাৱন কৰা আৰু ইয়াক সময় মতে আদায় কৰা অত্যন্ত জৰুৰী। কাৰণ এইটোৱে হৈছে ঈমান আৰু কুফৰৰ মাজত পাৰ্থক্যকাৰী।
  2. নামাজ পৰিত্যাগ কৰাৰ পৰা কঠোৰভাৱে সতৰ্ক কৰা হৈছে।
অধিক