عن بريدة بن الحصيب رضي الله عنه أنه قال:
بَكِّرُوا بِصَلَاةِ الْعَصْرِ، فَإِنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «مَنْ تَرَكَ صَلَاةَ الْعَصْرِ فَقَدْ حَبِطَ عَمَلُهُ».

[صحيح] - [رواه البخاري] - [صحيح البخاري: 553]
المزيــد ...

বুৰাইদাহ ইবনুল হাচীব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
আচৰৰ নামাজ সোনকালে পঢ়িবা, কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে আচৰৰ নামাজ পৰিত্যাগ কৰে, তাৰ যাৱতীয় আমল ব্যৰ্থ হৈ যায়।"

[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 553]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জানি বুজি আচৰৰ নামাজক সঠিক সময়ৰ পৰা পলম কৰিবলৈ সতৰ্ক কৰিছে, লগতে কৈছে যে, যিয়ে এনেকুৱা কৰে তাৰ আমল ব্যৰ্থ হৈ যায় তথা বেকাৰ হৈ যায়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. আচৰৰ নামাজক আওৱাল ওৱাক্তত পঢ়িবলৈ উৎসাহিত কৰিছে, তথা সোনকালে পঢ়িবলৈ তাগীদ কৰিছে।
  2. আচৰৰ নামাজ পৰিত্যাগকাৰী সম্পৰ্কে হাদীছটোত কঠোৰ সতৰ্কবাণী আহিছে। অন্যান্য নামাজ সময়ত নপঢ়াৰ গুনাহৰ তুলনাত আচৰৰ নামাজ সময়ত নপঢ়াৰ গুনাহ অধিক ডাঙৰ। কাৰণ এইটো হৈছে চালাতে উস্তা, মহান আল্লাহে কোৰআনত বিশেষকৈ এই নামাজৰ হিফাজত কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ কৈছেঃ তোমালোকে ছালাতৰ প্ৰতি যত্নৱান হোৱা, বিশেষকৈ মধ্যৱৰ্তী (আচৰ) ছালাতৰ প্ৰতি, আৰু আল্লাহৰ বাবে বিনিতভাৱে থিয় হোৱা। (ছুৰা আল-বাক্বাৰাহঃ ১৩৮)
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (63)
অধিক