عَنِ أَبي عبدِ الرَّحمنِ عبدِ اللهِ بْنِ عُمَرَ بن الخَطَّابِ رَضِيَ اللَّهُ عَنْهُمَا قَالَ: سَمِعتُ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ: " بنِيَ الإِسْلاَمُ عَلَى خَمْسٍ: شَهَادَةِ أَنْ لاَ إِلَهَ إِلَّا اللَّهُ وَأَنَّ مُحَمَّدًا رَسُولُ اللَّهِ، وَإِقَامِ الصَّلاَةِ، وَإِيتَاءِ الزَّكَاةِ، وَحَجِّ البَيتِ، وَصَوْمِ رَمَضَانَ".
[صحيح] - [متفق عليه]
المزيــد ...

আবু আব্দুৰ ৰহমান আব্দুল্লাহ ইবনে ওমৰ ইবনিল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

আব্দুল্লাহ বিন ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুমাই বৰ্ণনা কৰি কৈছে যে, ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। অৰ্থাৎ ইছলাম হৈছে এটা প্ৰাসাদৰ দৰে আৰু এই পাঁচটা আৰকান হৈছে ইয়াৰ স্তম্ভ। এই পাঁচটা আৰকানৰ ওপৰতেই ইছলামৰ ভিত্তি স্থাপিত। প্ৰথম স্তম্ভ হৈছে, লা ইলাহা ইল্লাল্লাহক স্বীকাৰ কৰা, অৰ্থাৎ এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। ইয়াকেই কলিমায়ে তাওহীদ বোলে। ইয়াৰ অবিহনে কোনেও সঠিকভাৱে ইছলামত প্ৰৱেশ কৰিব নোৱাৰে। এই বাক্যটোক মুখেৰে কোৱা, ইয়াৰ অৰ্থ বুজি পোৱা আৰু ইয়াৰ দাবী অনুযায়ী আমল কৰাটো অনিবাৰ্য। ইয়াৰ পিছত এই কথাৰ সাক্ষ্য দিব লাগিব যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। এই সাক্ষ্যৰ দাবী হৈছে সঠিক সুত্ৰত আমালৈ অহা তেখেতৰ প্ৰত্যেক কথাকে মনে প্ৰাণে মানি লোৱা, তেখেতৰ আদেশসমূহ পালন কৰা আৰু তেখেতৰ নিষেধসমূহৰ পৰা বিৰত থকা আৰু তেখেতে দেখুৱাই দিয়া পদ্ধতিত আল্লাহৰ ইবাদত কৰা। দ্বিতীয় স্তম্ভ হৈছে, চালাত প্ৰতিষ্ঠা কৰা। শ্বাহাদাতাইনৰ পিছত এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ ৰুকন। দিনে ৰাতি এই ৰুকন পাঁচ বাৰ পালন কৰিব লাগে। সেইকাৰণেই এইটো হৈছে বান্দা আৰু আল্লাহৰ মাজত মজবুত সম্পৰ্কৰ মাধ্যম। চালাত প্ৰতিষ্ঠাৰ অৰ্থ হৈছে, সঠিক সময়ত সঠিক পদ্ধতিত আদায় কৰা। তৃতীয় স্তম্ভ হৈছে, যাকাত প্ৰদান কৰা। যাকাত হৈছে এনেকুৱা আৰ্থিক ইবাদত যিটো বছৰ সম্পূৰ্ণ হোৱা পিছত বছৰত এবাৰেই অনিবাৰ্য, অথবা শস্য চপোৱাৰ সময়ত শস্যৰ যাকাত প্ৰদান কৰা। ইয়াৰ কেইবাটাও উপকাৰ আছে। সেইকাৰণেই এই বিষয়টোক হজ্জ আৰু ৰোজাৰ পূৰ্বে আৰু নামাজৰ পিছত উল্লেখ কৰা হৈছে। চতুৰ্থ স্তম্ভ হৈছে, বাইতুল্লাহৰ হজ্জ কৰা। এইটো হৈছে এটা শাৰীৰিক ইবাদত। কিয়নো এইটো পালন কৰিবলৈ সশৰীৰে উপস্থিত হ’ব লাগে। কিন্তু সেই ব্যক্তিৰ কথাটো সুকীয়া, যাৰ বাবে প্ৰতিনিধিত্ব কৰিবলৈ চৰীয়তে অনুমতি প্ৰদান কৰিছে। লগতে ইবাদতটো আৰ্থিক ইবাদতৰো অন্তৰ্ভুক্ত, কিয়নো এই ইবাদত পালন কৰিবলৈ সম্পদ তথা সম্বলৰ প্ৰয়োজন হয়। পঞ্চম স্তম্ভ হৈছে, ৰমাজান মাহৰ ৰোজা ৰখা। ৰোজা হৈছে শৰীৰিক ইবাদত। ৰোজা হৈছে নিয়্যত সহকাৰে কিছুমান এনেকুৱা নিৰ্দিষ্ট বস্তুৰ পৰা আঁতৰি থাকিব লাগে যিবোৰৰ দ্বাৰা ৰোজা ভংগ হয়। ফৰজ ৰোজা বছৰত কেৱল এবাৰেই, এই ৰোজা কেৱল ৰমাজান মাহত আদায় কৰা ফৰজ। যিদৰে প্ৰথম ৰুকন অবিহনে ইছলামত প্ৰৱেশ কৰিব নোৱাৰি, ঠিক সেইদৰে দ্বিতীয় ৰুকনৰ ক্ষেত্ৰতো একেই বিধান প্ৰযোজ্য। এই ক্ষেত্ৰত জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ তেখেতে কৈছেঃ মানুহ আৰু শ্বিৰ্ক তথা কুফৰৰ মাজত ব্যৱধান হৈছে নামাজ ত্যাগ কৰা। এই হাদীছটোক মুছলিমে বৰ্ণনা কৰিছে। হাদীছটোৰ বাহ্যিক অৰ্থই ইয়াৰ প্ৰমাণ বহন কৰে। এই বিধানটোক নাকচ কৰিব পৰা কোনো বৰ্ণনাই পোৱা নাযায়। কিন্তু কিছুমান সংগৃহীত মছলা পোৱা যায় তথাপিও সেইবোৰ ছালাফসকলৰ স্থিতিৰ পৰিপন্থী। নামাজ ত্যাগ কৰা কুফৰ, এইক্ষেত্ৰত চাহাবাসকলৰ ইজমা প্ৰমাণিত আছে। আব্দুল্লাহ বিন শ্বাক্বীক উকাইলীয়ে কৈছেঃ "c2">“চাহাবাসকলে নামাজৰ বাহিৰে অন্য কোনো আমল ত্যাগ কৰাক কুফৰী বুলি ভবা নাছিল”। ইয়াক তিৰমিজীয়ে তেওঁৰ জামে আত-তিৰমিজীত আৰু মাৰুঝীয়ে তাজীম কাদৰুচ চলাহ গ্ৰন্থত বৰ্ণনা কৰিছে। আনহাতে বাকী তিনিটা আৰকান ত্যাগ কৰিলে, ঈমানৰ দুৰ্বলতা বুলি গণ্য কৰা হ’ব। আনকি সি মহা পথভ্ৰষ্ট তথা মহা ক্ষতিগ্ৰস্ত হ’ব। কিন্তু অন্যান্য প্ৰমাণাদিৰ ফলত সি ইয়াৰ কাৰণে কাফিৰ নহ’ব।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম ছাৱাহিলী তামিল বৰ্মী থাই পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আলোচনাৰ পূৰ্বে সংখ্যা উল্লেখ কৰাটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিয়ম আছিল। ইয়াৰ কাৰণ আছিল যাতে শ্ৰৱণকাৰীয়ে সংখ্যা মনত ৰাখে আৰু সেই অনুযায়ী শিকাৰ চেষ্টা কৰে, তথা সেই জ্ঞানটো শিকিবলৈ উদ্বুদ্ব হয়। উক্ত সংখ্যাৰ অনুপাতে কিবা এৰিলে তৎক্ষণাত যাতে গম পায় আৰু জানিবলৈ চেষ্টা কৰে।
  2. দুয়োটা সাক্ষ্যদান বাধ্যতামূলক। সেই দুটা সাক্ষ্যৰ যিকোনো এটা সাক্ষ্যক স্বীকাৰ কৰিলে কেতিয়াও উপকাৰ নহয়, দুয়োটা সাক্ষ্য একেলগে প্ৰদান কৰা অনিবাৰ্য।
  3. এই দুয়োটা শ্বাহাদত মৌলিকভাৱে ভিত্তিৰ মৰ্যাদা ৰাখে। ই অন্যান্য আৰকানৰ লগতে প্ৰত্যেক সেই আমলৰ ভিত্তি, যিবোৰ আমলৰ দ্বাৰা আল্লাহৰ নৈকট্য অৱলম্বন কৰা হয়। যি আমল এই শ্বাহাদতৰ দাবী অনুযায়ী নহ’ব সেইটো গ্ৰহণযোগ্য নহ’ব। আনকি সেই আমলকাৰীয়েও আল্লাহৰ ওচৰত কোনো ধৰণৰ উপকাৰ লাভ নকৰিব।
  4. সম্পূৰ্ণ দ্বীন আৰু সকলো প্ৰকাশ্য-অপ্ৰকাশ্য আমল এই দুটা শ্বাহাদাতৰেই অন্তৰ্ভুক্ত।
  5. ইয়াৰ দ্বাৰা এই কথাও প্ৰমাণিত হয় যে, যিটো আমল যিমান গুৰুত্বপূৰ্ণ, সেইটোক সিমানে আগত স্থান দিয়া হয়।
  6. সঠিক পদ্ধতিত নামাজ আদায় কৰা তথা নিয়মিতভাৱে নামাজ প্ৰতিষ্ঠা কৰাৰ গুৰুত্ব।
  7. ৰোজা, যাকাত আৰু হজ্জৰ গুৰুত্ব। লগতে এই কথাৰ বৰ্ণনা যে, যিয়ে যি পৰিমাণে ইয়াৰ মাজত অৱহেলা কৰিব, সেই অনুপাতে তাৰ ধাৰ্মিকতা হ্ৰাস পাব।
  8. দ্বীনৰ জ্ঞানৰ ক্ষেত্ৰত এই হাদীছটোৱে এটা মহান ভিত্তিৰ মৰ্যাদা লাভ কৰিছে। এইক্ষেত্ৰত ইয়াৰ ওপৰতে নিৰ্ভৰ কৰা হয়, আৰু ইয়াৰ মাজতেই সকলো আৰকান একত্ৰিত কৰা হৈছে।
  9. এই পাঁচোটা আৰকান হৈছে ফৰজে আঈন। কিছুমানে কৰিলে অন্যান্য লোকৰ পৰা ইয়াৰ দায়িত্ব সাৰি নাযায়।
শ্ৰেণীবিন্যাসসমূহ
অধিক