+ -

عَنْ جَابِرٍ رضي الله عنه قَالَ:
أَتَى النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ رَجُلٌ فَقَالَ: يَا رَسُولَ اللهِ، مَا الْمُوجِبَتَانِ؟ فَقَالَ: «مَنْ مَاتَ لَا يُشْرِكُ بِاللهِ شَيْئًا دَخَلَ الْجَنَّةَ، وَمَنْ مَاتَ يُشْرِكُ بِاللهِ شَيْئًا دَخَلَ النَّارَ»

[صحيح] - [رواه مسلم] - [صحيح مسلم: 93]
المزيــد ...

জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ
এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! (জান্নাত আৰু জাহান্নামক) অনিবাৰ্য কৰিব পৰা বিষয় দুটা কি? তেখেতে ক'লেঃ "যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিছে তেওঁ জান্নাতত প্ৰৱেশ কৰিব আৰু যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰি মৃত্যুবৰণ কৰিছে, সি জাহান্নামত প্ৰৱেশ কৰিব।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 93]

ব্যাখ্যা

এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক দুটা বৈশিষ্ট্য সম্পৰ্কে সুধিলে, যিটোৰ এটা অৱলম্বন কৰিলে জান্নাত অনিবাৰ্য হৈ পৰে আৰু আনটো অৱলম্বন কৰিলে জাহান্নাম অনিবাৰ্য হয়। ইয়াৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ যিটো বৈশিষ্ট্য অৱলম্বন কৰিলে জান্নাত অনিবাৰ্য হয় সেইটো হৈছে, মানুহ এজনৰ এনেকুৱা অৱস্থাত মৃত্যুবৰণ কৰা, যিজনে একমাত্ৰ আল্লাহৰেই ইবাদত কৰিছে আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই। আনহাতে যিটো বৈশিষ্ট্য অৱলম্বন কৰিলে জাহান্নাম অনিবাৰ্য হৈ পৰে, সেইটো হৈছে, যদি কোনো ব্যক্তিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰা অৱস্থাত মৃত্যুবৰণ কৰে (তেন্তে তাৰ বাবে জাহান্নাম অনিবাৰ্য হৈ পৰে), অৰ্থাৎ আল্লাহৰ উলুহিয়্যাত, ৰুবুবিয়্য়াত আৰু আচমা ওৱা চিফাতত যদি আন কাকো সমকক্ষ স্থিৰ কৰি মৃত্যুবৰণ কৰে (তেন্তে তাৰ ওপৰত জাহান্নাম অনিবাৰ্য)

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি اليونانية উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত তাওহীদৰ গুৰুত্ব বৰ্ণিত হৈছে। যি ব্যক্তিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মুমিন অৱস্থাত মৃত্যুবৰণ কৰিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব।
  2. লগতে শ্বিৰ্কৰ ভয়াৱহতা বৰ্ণিত হৈছে। কিয়নো যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰি মৃত্যুবৰণ কৰিব, সি জাহান্নামত প্ৰৱেশ কৰিব।
  3. তাওহীদপন্থী লোকসকলৰ মাজৰ যিসকলে গুনাহ কৰিছে সিহঁতৰ বিষয়টো আল্লাহৰ ইচ্ছাৰ অধীনস্থ, তেওঁ ইচ্ছা কৰিলে সিহঁতক শাস্তি বিহিব পাৰে আৰু ইচ্ছা কৰিলে ক্ষমাও কৰিব পাৰে। তাৰ পিছত সিহঁতৰ শেষ ঠিকনা হ'ব জান্নাত।
অধিক