عَنْ عَائِشَةَ رضي الله عنها قَالَتْ:
قُلْتُ: يَا رَسُولَ اللهِ، ابْنُ جُدْعَانَ كَانَ فِي الْجَاهِلِيَّةِ يَصِلُ الرَّحِمَ، وَيُطْعِمُ الْمِسْكِينَ، فَهَلْ ذَاكَ نَافِعُهُ؟ قَالَ: «لَا يَنْفَعُهُ، إِنَّهُ لَمْ يَقُلْ يَوْمًا: رَبِّ اغْفِرْ لِي خَطِيئَتِي يَوْمَ الدِّينِ».

[صحيح] - [رواه مسلم]
المزيــد ...

আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! ইবনু জুদআনে অজ্ঞতা যুগত চিলা ৰহমী কৰিছিল (আত্মীয়তাৰ বন্ধন অটুট ৰাখিছিল), দুখীয়া-দৰিদ্ৰ, অভাৱীক খাদ্য খুৱাইছিল, তাৰ সেইবোৰ কৰ্ম কোনো উপকাৰত আহিবনে? তেখেতে ক'লেঃ নহয়, কোনো উপকাৰত নাহিব। কাৰণ সি কেতিয়াও এই কথা কোৱা নাছিল যে, হে মোৰ প্ৰতিপালক! কিয়ামতৰ দিনা তুমি মোৰ গুনাহসমূহ ক্ষমা কৰি দিবা।

ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

আব্দুল্লাহ ইবনে জুদআনৰ বিষয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা কৈছে, ইছলামৰ পূৰ্বে তেওঁ কুৰাইশ্বৰ এজন নেতৃস্থানীয় ব্যক্তি আছিল। তেওঁ যিবোৰ নেক আমল কৰিছিল, তাৰে অন্যতম আছিল যে, তেওঁ আত্মীয়তাৰ সম্পৰ্ক অটুট ৰাখিছিল, তেওঁলোকৰ সৈতে ভাল ব্যৱহাৰ কৰিছিল, দুখীয়া-দৰিদ্ৰক খাদ্য খুৱাইছিল। যিবোৰ বিষয় সম্পৰ্কে ইছলামেও মানুহক উৎসাহিত কৰে। এইবোৰ নেক কৰ্ম কৰাৰ পিছতো আখিৰাতত তাৰ কোনো উপকাৰ নহ'ব, কাৰণ সি আল্লাহৰ সৈতে কুফৰী কৰিছিল। লগতে সি কেতিয়াও এই কথা কোৱা নাছিল যে, হে মোৰ প্ৰতিপালক, কিয়ামতৰ দিনা তুমি মোৰ গুনাহ তথা পাপসমূহ মাৰ্জনা কৰি দিবা।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত ঈমানৰ গুৰুত্ব বৰ্ণিত হৈছে, কাৰণ ঈমান হৈছে আমল গ্ৰহণযোগ্য হোৱাৰ এটা অন্যতম চৰ্ত।
  2. হাদীছটোত কুফৰৰ বেয়া প্ৰভাৱৰ কথা বৰ্ণিত হৈছে, কাৰণ কুফৰৰ ফলত সকলো নেক আমল ধ্বংস হয়।
  3. কাফিৰসকলৰ আমলে আখিৰাতত সিহঁতক কোনো উপকাৰ কৰিব নোৱাৰিব, কাৰণ সিহঁতে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰা নাছিল।
  4. কুফৰ অৱস্থাত যদি কোনো মানুহে ভাল কাম কৰে আৰু সি যদি ইছলাম গ্ৰহণ কৰে তেন্তে তাক সেই কামৰ প্ৰতিদান দিয়া হ'ব।
অধিক