عَنِ ابْنِ مَسْعُودٍ رَضِيَ اللَّهُ عَنْهُ، قَالَ: قَالَ رَجُلٌ: يَا رَسُولَ اللَّهِ، أَنُؤَاخَذُ بِمَا عَمِلْنَا فِي الجَاهِلِيَّةِ؟ قَالَ: «مَنْ أَحْسَنَ فِي الإِسْلاَمِ لَمْ يُؤَاخَذْ بِمَا عَمِلَ فِي الجَاهِلِيَّةِ، وَمَنْ أَسَاءَ فِي الإِسْلاَمِ أُخِذَ بِالأَوَّلِ وَالآخِرِ».
[صحيح] - [متفق عليه]
المزيــد ...

আব্দুল্লাহ ইবনে মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, এজন ব্যক্তিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, "c2">“হে আল্লাহৰ ৰাছুল! অজ্ঞতা যুগত আমি কৰা পাপ সম্পৰ্কে আমাক জবাবদিহি কৰা হ’ব নেকি”? তেখেত (চাল্লাল্লাহু আলাইহি অছাল্লামে) ক’লেঃ "c2">“যিয়ে ইছলামত (প্ৰৱেশ কৰি) সৎকৰ্ম কৰিছে, অজ্ঞতা যুগত কৰা কৰ্ম সম্পৰ্কে তাক জবাবদিহি কৰা নহ’ব। আনহাতে যিয়ে ইছলামত (প্ৰৱেশ কৰি) অপকৰ্মত লিপ্ত হৈছে, তাক পূৰ্বৰ আৰু পৰৱৰ্তী সকলো গুনাহ সম্পৰ্কে জবাবদিহি কৰা হ’ব”।
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অজ্ঞতা যুগত কৰা গুনাহ তথা পাপকৰ্ম সম্পৰ্কে সুধিলে যে, তাহানিতে কৰা সেই গুনাহৰ শাস্তি তেওঁক দিয়া হ’ব নেকি? আৰু এই বিষয়ে তেওঁক জবাবদিহি কৰা হ’ব নেকি? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লেঃ "c2">“যিয়ে ইছলামত (প্ৰৱেশ কৰি) সৎকৰ্ম কৰিছে”, অৰ্থাৎ দ্বীনৰ ওপৰত অবিচল থাকিব আৰু পাপকৰ্ম পৰিত্যাগ কৰিব, সেই ব্যক্তিক অজ্ঞতা যুগত কৰা গুনাহ সম্পৰ্কে জবাবদিহি কৰা নহ’ব। সেই গুনাহ সৰুৱে হওক বা ডাঙৰ, যেনে- হত্যা অথবা ব্যাভিচাৰ আদি। আনহাতে যিয়ে ইছলামত প্ৰৱেশ কৰি অপকৰ্মত লিপ্ত হৈছে, অৰ্থাৎ দ্বীনৰ পৰা আঁতৰি গৈছে, সেই ব্যক্তিক পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো গুনাহ সম্পৰ্কে জবাবদিহি কৰা হ’ব। এইটোৱেই হৈছে এই হাদীছৰ সঠিক অৰ্থ। কিন্তু যদি এই কথা কোৱা হয় যে, ইছলামত প্ৰৱেশ কৰি অপকৰ্মত লিপ্ত হোৱাৰ অৰ্থ হৈছে গুনাহ কৰা, তেন্তে এইটো সেই ইজমাৰ পৰিপন্থী হ’ব, য’ত কোৱা হৈছে ইছলাম গ্ৰহণ কৰিলে সকলো গুনাহ ক্ষমা কৰি দিয়া হয়। এই ইজমা ছহীহ হাদীছৰ ভিত্তিত প্ৰতিষ্ঠিত হৈছে আৰু সেই হাদীছটো ছহীহ মুছলিমত আছে। কোৰআনতো আল্লাহ তাআলাই কৈছেঃ "c2">“কাফিৰসকলক কৈ দিয়ক, যদি সিহঁতে কুফৰী পৰিহাৰ কৰে তেন্তে সিহঁতৰ পূৰ্বৱৰ্তী গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব। আনহাতে যদি সিহঁতে অন্যায়ৰ পুনৰাবৃত্তি কৰে তেন্তে পূৰ্বৱৰ্তীসকলৰ দৰে সিহঁতৰ ওপৰতো শাস্তি কাৰ্যকৰি কৰা হ’ব”। এতেকে এই হাদীছৰ ব্যাখ্যা, তাক পূৰ্বৱৰ্তী গুনাহৰ দ্বাৰা লজ্জিত কৰা হ’ব আৰু ভৰ্ৎসনা কৰা হ’ব আৰু এনেকৈ কোৱা হ’ব যে, তুমি কুফৰী অৱস্থাত এই এই কাম কৰা নাছিলানে? তেন্তে ইছলাম গ্ৰহণ কৰাৰ পিছত পুনৰ কিয় এনেকুৱা কাম কৰিছা? ইয়াৰ পিছত তাক ইছলাম গ্ৰহণৰ পিছত কৰা গুনাহৰ শাস্তি দিয়া হ’ব। কিছুমানে কৈছে, ইছলাম গ্ৰহণৰ পিছত অপকৰ্মত লিপ্ত হোৱাৰ অৰ্থ হৈছে তাৰ ঈমান ঠিক নাছিল বা সি প্ৰকৃত মুছলিম নাছিল আৰু সি মুনাফিক আছিল। কিন্তু ইয়াত প্ৰথম ব্যাখ্যাটোৱে অধিক গ্ৰহণযোগ্য।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আমল আৰু ইয়াৰ গ্ৰহণযোগ্যতাৰ প্ৰতি চাহাবাসকলৰ আগ্ৰহ।
  2. ইছলাম গ্ৰহণ কৰাৰ পিছত সৎকৰ্ম কৰিবলৈ উৎসাহ দিয়া হৈছে আৰু পাপকৰ্ম পৰিত্যাগ কৰিবলৈ উৎসাহিত কৰা হৈছে।
  3. ইছলামৰ পৰা আঁতৰি যোৱা ব্যক্তিক পূৰৱৰ্তী আৰু পৰৱৰ্তী উভয় অৱস্থাৰ গুনাহৰ বাবে জবাবদিহি কৰা হ’ব।
অধিক