عن أبي هريرة رضي الله عنه ، أن رسول الله صلى الله عليه وسلم قال: «الإيمانُ بِضْعٌ وَسَبْعُونَ أو بِضْعٌ وسِتُونَ شُعْبَةً: فَأَفْضَلُهَا قَوْلُ: لا إله إلا الله، وَأَدْنَاهَا إِمَاطَةُ الأَذَى عَنِ الطَّرِيقِ، وَالحَيَاءُ شُعْبَةٌ مِنَ الإِيمَانِ».
[صحيح] - [متفق عليه]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“ঈমানৰ সত্তৰতকৈও অধিক অথবা ষাঠিতকৈও অধিক শাখা-প্ৰশাখা আছে। ইয়াৰে সর্বোত্তম (শাখাটো) হৈছে ‘লা ইলাহা ইল্লাল্লাহ’ কোৱা, আৰু সর্বনিম্ন (শাখাটো) হৈছে, ৰাস্তাৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়া। লজ্জাও হৈছে ঈমানৰ এটা শাখা।”
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

ঈমান কেৱল এটা চৰিত্র বা এটা শাখাৰ নাম নহয়; বৰং ঈমান হৈছে বহুতো শাখাৰ নাম। সত্তৰ বা ষাঠিৰো অধিক। কিন্তু সবোর্ত্তম শাখা হৈছে এটা বাক্য, আৰু সেয়া হৈছে লা ইলাহা ইল্লাল্লাহ। আৰু সর্বাধিক সহজ শাখাটো হৈছে, পথচাৰীসকলৰ বাবে কষ্টদায়ক বস্তু আঁতৰাই দিয়া, সেয়া শিল হওক অথবা কাইট ইত্যাদি। লগতে লজ্জাও হৈছে ঈমানৰ এটা শাখা।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ঈমানৰ কেইবাটাও স্তৰ আছে। গুৰুত্বৰ ওপৰত ভিত্তি কৰি এটাক আনটোৰ ওপৰত অগ্রাধিকাৰ দিয়া হয়।
  2. আহলে ছুন্নতৰ মতে ঈমান হৈছে মৌখিক স্বীকৃতি, আমল আৰু বিশ্বাসৰ সমষ্টি।
  3. ঈমান হৈছে নেক আমলৰ মাপকাঠি আৰু ইয়াৰ প্রতি উদ্বুদ্ধকাৰী।
  4. ঈমান বিভিন্ন ভাগত বিভক্ত। সেয়ে ঈমান বৃদ্ধি হয় আৰু হ্ৰাস পায়।
  5. ঈমান হৈছে অৰ্জনযোগ্য বিষয়।
  6. লজ্জাৰ ফজিলত, আৰু ইয়াক অৱলম্বন কৰিবলৈ উৎসাহ প্ৰদান কৰা হৈছে।
অধিক