عن أبي سعيد الخدري رضي الله عنه قال: سمعت رسول الله صلى الله عليه وآله وسلم يقول: «من رأى منكم منكراً فليُغيِّره بيده، فإلم يستطع فبلسانه، فإلم يستطع فبقلبه، وذلك أضعف الإيمان».
[صحيح] - [رواه مسلم]
المزيــد ...

আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ তোমালোকৰ মাজৰ কোনোবাই অসৎকৰ্ম কৰা দেখিলে তেওঁ যেন হাতৰ দ্বাৰা তাক বাধা দিয়ে। যদি এইটো কৰাত সক্ষম নহয় তেন্তে মুখেৰে বাধা দিয়া উচিত। এইটোও যদি সম্ভৱ নহয় তেন্তে অন্তৰৰ দ্বাৰা ইয়াক পৰিবৰ্তন কৰাৰ পৰিকল্পনা কৰা উচিত। আৰু এইটো হৈছে ঈমানৰ নিম্নতৰ স্তৰ।
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ তোমালোকৰ মাজৰ কোনোবাই যদি অসৎকৰ্ম কৰা দেখা পায়, ইয়াৰ দ্বাৰা নাৰী-পুৰুষ, সৰু-ডাঙৰ সকলোকে সম্বোধন কৰা হৈছে। প্ৰত্যেক সেই ব্যক্তি ইয়াৰ অন্তৰ্ভুক্ত যিয়ে من আৰু منكم ৰ অধীনত আহে। মুনকাৰ সেইটো কৰ্মক কোৱা হয় যিটো আচলতেই অপছন্দনীয়। ইয়াক দুই ধৰণে চিনিব পাৰি। চৰীয়তি নিষেধাজ্ঞা আৰু বিবেকৰ দ্বাৰা। কিন্তু গুনাহ তেতিয়াহে হ’ব যেতিয়া এইক্ষেত্ৰত চৰীয়তৰ বিধান থাকিব। মাৰুফৰ বিষয়টো ইয়াৰ পৰিপন্থী। কিন্তু ইয়াত প্ৰবৃত্তি আৰু আন্তৰিক চাহিদাৰ কোনো অৱকাশ নাই। ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে অসৎকৰ্ম নিৰ্মূলৰ সম্ভৱনা অনুযায়ী মৰ্যাদা বয়ান কৰিছে। প্ৰথম মৰ্যাদাৰ কথা উল্লেখ কৰি তেখেতে হাতৰ দ্বাৰা বাধা দিয়াৰ নিৰ্দেশ দিছে। এইটো হৈছে ক্ষমতাধৰ তথা প্ৰশাসনৰ দায়িত্ব। কৌশলৰ সৈতে এই কাম সম্পন্ন কৰা উচিত, এটা অসৎকৰ্ম নিবাৰণ কৰিবলৈ যাতে তাৰ সমান অথবা তাতকৈ ডাঙৰ কোনো অনিষ্টৰ সন্মুখীন হ’বলগীয়া নহয়। হাতৰ দ্বাৰা বাধা দিয়াৰ ক্ষমতা নাথাকিলে মৌখিকভাৱে বাধা দিয়া উচিত। মৌখিকভাৱে বাধা দিয়াৰ ক্ষেত্ৰতো উপযুক্ত পন্থা অৱলম্বন কৰিব লাগিব তথা উচটনিমূলক পদ্ধতি হ’ব নালাগে। যাতে তাতকৈ ডাঙৰ কোনো অঘটন নহয়। মৌখিকভাৱে বাধা দিয়াৰো যদি সামৰ্থ নাথাকে তেন্তে অন্তৰেৰে বাধা দিয়া উচিত। অৰ্থাৎ মুখেৰে বাধা দিলে যদি অনিষ্ট হোৱা আশংকা থাকে তেন্তে অন্তৰেৰে ঘৃণা কৰিব লাগে আৰু অপছন্দ কৰিব লাগে তথা বেয়া ভাৱিব লাগে, লগতে সেই বেয়া স্থানৰ পৰা আঁতৰিবলৈ চেষ্টা কৰিব লাগে। অন্তৰেৰে ঘৃণা কৰা এই বিষয়টো হৈছে ঈমানৰ নিম্নতৰ স্তৰ। অৰ্থাৎ ঈমানৰ প্ৰতীকৰ এইটো হৈছে একেবাৰে নিম্নতৰ স্তৰ। কিয়নো কৰিবলগীয়া কামসমূহৰ মাজত এইটো হৈছে একেবাৰে নিম্নতৰ কাম।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. এই হাদীছটো অসৎকৰ্ম নিবাৰণৰ পৰ্যায়সমূহৰ ক্ষেত্ৰত মৌলিক ভূমিকা বহন কৰে।
  2. সাধ্য অনুযায়ী বেয়া কৰ্মক বাধা প্রদান কৰা অনিবাৰ্য।
  3. অসৎকৰ্মক প্ৰতিৰোধ কৰিবলৈ কৌশল অৱলম্বন কৰা উচিত।
  4. সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা বিষয়টো দ্বীনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়। দ্বীনি পৰিৱেশ গঢ়ি উঠাৰ বিষয়টো ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰে।
  5. মানুহক অসৎকৰ্মৰ পৰা বিৰত ৰাখিবলৈ চৰীয়তে বিভিন্ন পৰ্যায়ৰ ক্ষমতাৰ প্ৰতি মনোনিৱেশ কৰিছে।
  6. অসৎকৰ্মৰ শাস্তি সম্পৰ্কে জানিবলৈ কোৰআন আৰু হাদীছৰ পিনে প্ৰত্যাৱৰ্তন কৰিব লাগিব। মানুহৰ প্ৰবৃত্তিৰ অনুসৰণ কৰিলে নহ’ব।
  7. ইয়াত সেই ব্যক্তিৰ বাবে উপদেশ আছে যিয়ে আনৰ অধীনত কাম কৰে, আৰু সেই ব্যক্তিৰ দ্বাৰা হোৱা অপকৰ্মক বাধা দিবলৈ যি উপায় অৱলম্বন কৰিব লাগিব তাৰ প্ৰতি দিশ-নিৰ্দেশনা দিয়া হৈছে।
  8. ঈমানৰ কেইবাটাও ধাপ আছে, যেনে- কথা, কৰ্ম আৰু নিয়্যত। ঈমান বৃদ্ধিও হয় আৰু হ্ৰাসো হয়।
শ্ৰেণীবিন্যাসসমূহ
অধিক