+ -

عن أبي مسعود رضي الله عنه عن النبي صلى الله عليه وسلم قال:
«إِذَا أَنْفَقَ الرَّجُلُ عَلَى أَهْلِهِ يَحْتَسِبُهَا فَهُوَ لَهُ صَدَقَةٌ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 55]
المزيــد ...

আবু মাছঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যি ব্যক্তিয়ে ছোৱাব লাভৰ নিয়্যতেৰে নিজৰ পৰিয়ালৰ ওপৰত ব্যয় কৰে, তেওঁ চাদাক্বাৰ ছোৱাব পায়।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 55]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যেতিয়া কোনো ব্যক্তিয়ে নিজৰ পৰিয়ালৰ লোকসকলৰ ওপৰত ব্যয় কৰে যেনে- স্ত্ৰী, মাতা-পিতা, সন্তান-সন্ততি আদিৰ ওপৰত, যিসকলৰ ওপৰত ব্যয় কৰাটো তাৰ কৰ্তব্য, যদি সি আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ তথা ছোৱাব অৰ্জনৰ নিয়্যতেৰে কৰে তেন্তে সি নিশ্চয় চাদাক্বা কৰাৰ ছোৱাব লাভ কৰিব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. পৰিয়ালৰ ওপৰত ব্যয় কৰিলেও ছোৱাব পোৱা যায়।
  2. মুমিন ব্যক্তিয়ে নিজৰ প্ৰতিটো কাম আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ তথা আল্লাহৰ ওচৰত থকা ছোৱাব অৰ্জন কৰিবলৈহে কৰে।
  3. পৰিয়ালৰ ওপৰত ব্যয় কৰাকে আদি কৰি প্ৰতিটো নেক কৰ্ম কৰাৰ সময়ত সঠিক নিয়্যত পোষণ কৰা জৰুৰী।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী কান্নাড়া الولوف البلغارية আজেৰি ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক