عن أبي هريرة عبدالرحمن بن صخر الدوسي رضي الله عنه مرفوعاً: .«قال الله تعالى: أنفق يا ابن آدم ينفق عليك».
[صحيح] - [متفق عليه]
المزيــد ...

আবু হুৰাইৰাহ আব্দুৰ ৰহমান ইবনে ছাখৰ আদ-দাউছী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফু‘ হিচাপে বৰ্ণিত, মহান আল্লাহে কৈছেঃ "c2">“হে আদম সন্তান! তুমি ব্যয় কৰা, তোমাৰ ওপৰতো ব্যয় কৰা হ’ব।”
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

"c2">“তুমি ব্যয় কৰা, তোমাৰ ওপৰতো ব্যয় কৰা হ’ব।” অর্থাৎ ব্যয় কৰাৰ সময়ত দৰিদ্রতাৰ ভয় নকৰিবা আৰু কৃপণালিও নকৰিবা। কাৰণ তুমি যদি আনৰ ওপৰত ব্যয় কৰা তেনেহ’লে আল্লাহেও তোমাৰ ওপৰত ব্যয় কৰিব। তোমালোকৰ ওচৰত যি আছে সেইবোৰ এটা সময়ত ধ্বংস হৈ যাব, আনহাতে আল্লাহৰ ওচৰত যি আছে সেয়া অৱশিষ্ট থাকিব। এই হাদীছটোৱে কোৰআনৰ এই আয়াতৰ অৰ্থ প্ৰকাশ কৰিছে, "c2">“তোমালোকে আল্লাহৰ বাবে যি ব্যয় কৰিবা, তাৰ বিনিময় আল্লাহে পিছত দান কৰিব।” (ছুৰা ছাবা, আয়াত: ৩৯)। এতেকে, এই হাদীছত কল্যাণকৰ কামত ব্যয় কৰিবলৈ উৎসাহিত কৰা হৈছে আৰু মহান আল্লাহৰ অপৰিসীম অনুগ্রহত পৰকালত তাৰ বিনিময় পোৱাৰ সুসংবাদ দিয়া হৈছে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. দান খয়ৰাত হৈছে জীৱিকা বৃদ্ধিৰ অন্যতম উপায়।
  2. বান্দাই ফকীৰ মিছকীন আৰু অভাৱী ব্যক্তিসকলক যি পৰিমাণে দান কৰিব, আল্লাহে সেই পৰিমাণেই তাক প্ৰতিদান দিব।
  3. আল্লাহৰ ধন ভাণ্ডাৰ পৰিপূর্ণ, যিটো কেতিয়াও সমাপ্ত নহয়। মহান আল্লাহ অসীম দয়ালু। তেওঁ ব্যয় কৰাৰ ভয়ত ধৰি নাৰাখে।