হাদীছৰ তালিকা

ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত।
عربي الإنجليزية الأوردية
চাদাক্বাই কেতিয়াও সম্পদ হ্ৰাস নকৰে আৰু যি ব্যক্তিয়ে ক্ষমা কৰে, আল্লাহে তাৰ সন্মান বৃদ্ধি কৰি দিয়ে। এইদৰে যি ব্যক্তিয়ে আল্লাহৰ (সন্তুষ্টি অৰ্জনৰ) বাবে বিনয়ী হ’ব, আল্লাহে তাক উচ্চ মর্যাদালৈ উন্নীত কৰিব।
عربي الإنجليزية الأوردية
মহান আল্লাহে কৈছেঃ "হে আদম সন্তান! ব্যয় কৰা, তেতিয়াহে তোমাৰ ওপৰত ব্যয় কৰা হ'ব।
عربي الإنجليزية الأوردية
ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত।
عربي الإنجليزية الأوردية
বান্দাসকলে প্ৰভাতত উপনীত হোৱা প্ৰতিটো দিনতে পুৱাৰ ভাগত দুজন ফিৰিস্তা অৱতীৰ্ণ হয়। তাৰে এজনে কয়ঃ হে আল্লাহ! দানকাৰীক ইয়াৰ উত্তম প্ৰতিদান দিয়া, দ্বিতীয়জনে কয়ঃ হে আল্লাহ! কৃপণৰ সম্পদ ধ্বংস কৰি দিয়া।
عربي الإنجليزية الأوردية
সোণ-ৰূপৰ অধিকাৰী ব্যক্তি, যিয়ে (নিচাব হোৱাৰ পিছতো) ইয়াৰ হক (জাকাত) আদায় নকৰে, ক্বিয়ামতৰ দিনা তাৰ এই সম্পদক জাহান্নামৰ জুইত উত্তপ্ত কৰি অগ্নিৰ পাত বনোৱা হ'ব।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজৰ প্ৰত্যেকেই আল্লাহৰ লগত এনেকৈ কথা ক'ব যে, তাৰ আৰু আল্লাহৰ মাজত কোনো অনুবাদকাৰী নাথাকিব।
عربي الإنجليزية الأوردية
আমল হৈছে ছয় প্ৰকাৰৰ আৰু মানুহ হৈছে চাৰি প্ৰকাৰৰ: দুটা খুবেই গুৰুত্বপূৰ্ণ, আৰু দুটা হৈছে কৰ্ম অনুপাতে প্ৰতিদান, কোনো নেক আমলৰ প্ৰতিদান দহগুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হয় আৰু কোনোবাটোৰ সাতশগুণ পৰ্যন্ত বৃদ্ধি কৰা হয়।
عربي الإنجليزية الأوردية
মোৰ নাম হৈছে জিমাম ইবনে ছা'লাবাহ, বনী ছাআদ ইবনে বকৰৰ ভাতৃ।
عربي الإنجليزية الأوردية
হে আল্লাহৰ ৰাছুল! ছাআদৰ মাক মৃত্যুবৰণ কৰিছে, গতিকে তেওঁৰ হকে কোনটো চাদাক্বাহ উত্তম হ'ব? তেখেতে ক'লেঃ "পানী"। ইয়াৰ পিছত তেওঁ এটা কুঁৱা খান্দি ক'লে যে, এইটো উম্মু ছাআদৰ বাবে অকফ কৰিলোঁ।
عربي الإنجليزية الأوردية
যাক এইবোৰ কন্যা সন্তান প্ৰদান কৰি পৰীক্ষা কৰা হয়, আৰু তেওঁ যদি সিহঁতৰ সৈতে ভাল ব্যৱহাৰ (অৰ্থাৎ সুন্দৰভাৱে লালন-পালন) কৰে, তেন্তে এই কন্যাবোৰে জাহান্নামৰ জুইৰ পৰা তাৰ বাবে বাধা হৈ থিয় হ'ব।
عربي الإنجليزية الأوردية
তলৰ হাততকৈ ওপৰৰ হাত উত্তম।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক যেতিয়া য়ামানলৈ প্ৰেৰণ কৰিছিল তেতিয়া তেখেতে তেওঁক নিৰ্দেশ দিছিল যে, তেওঁ যেন প্ৰত্যেক ত্ৰিছটা গৰুৰ বিপৰীতে একোটাকৈ এবছৰীয়া গো-পোৱালী মাইকী হওক বা মতা (যাকাত হিচাপে) সংগ্ৰহ কৰে।
عربي الإنجليزية الأوردية
যদি তোমালোকে বিচৰা তেন্তে মই তোমালোকক দিব পাৰোঁ, কিন্তু এই সম্পদত ধনী আৰু কৰ্মক্ষম ব্যক্তিৰ কোনো অংশ নাই।
عربي الإنجليزية الأوردية
আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত সৰু বৰ প্ৰত্যেকৰে ফালৰ পৰা, স্বাধীন হওক বা পৰাধীন ফিতৰা হিচাপে এক ছা পৰিমাণ খাদ্য দ্ৰৱ্য, এক ছা পনীৰ অথবা এক ছা যৱ, নাইবা এক ছা খেজুৰ অথবা এক ছা কিছমিছ আদায় কৰিছিলোঁ।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফিতৰা হিচাপে এক ছা পৰিমাণ খেজুৰ অথবা এক ছা যৱ, প্ৰতিজন স্বাধীন আৰু পৰাধীন, পুৰুষ আৰু নাৰী, আনকি সৰু বৰ সকলো মুছলিমৰ ওপৰতে অনিবাৰ্য্য কৰিছে। লগতে তেখেতে নিৰ্দেশ দিছে যে, ঈদৰ নামাজৰ পূৰ্বেই যাতে এইটো আদায় দিয়া হয়।
عربي الإنجليزية الأوردية
আল্লাহে তোমালোকৰ বাবে এনে বস্তু ৰখা নাইনে যে, তোমালোকে ছাদাকাহ কৰিব পাৰিবা? প্ৰত্যেক তাছবীহ (ছুবহান আল্লাহ) পাঠ হৈছে ছাদাকাহ, প্ৰত্যেক তাকবীৰ (আল্লাহু আকবাৰ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহমীদ (আলহামদুলিল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহলীল (লা ইলা-হা ইল্লাল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক ভাল কামৰ আদেশ দিয়াটো হৈছে ছাদাকাহ আৰু বেয়া কামৰ পৰা বিৰত কৰাটোও হৈছে ছাদাকাহ, আৰু তোমালোকৰ প্ৰত্যেকে নিজৰ স্ত্ৰীৰ লগত সহবাস কৰাটোও হৈছে ছাদাকাহ।
عربي الإنجليزية الأوردية
দীনাৰ যিটো তুমি আল্লাহৰ পথত ব্যয় কৰিছা, দীনাৰ যিটো তুমি দাস মুক্ত কৰিবলৈ ব্যয় কৰিছা, আৰু সেই দীনাৰ যিটো তুমি ফকীৰ মিছকিনক দান কৰিছা, লগতে সেই দীনাৰ যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা, এইবোৰৰ মাজত আটাইতকৈ বেছি ছোৱাব হৈছে সেইটোত, যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা।
عربي الإنجليزية الأوردية