+ -

عَن عَائِشَةَ أُمِّ المؤْمِنين رضي الله عنها زَوْجَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ حَدَّثَتْهُ قَالَتْ:
جَاءَتْنِي امْرَأَةٌ مَعَهَا ابْنَتَانِ تَسْأَلُنِي، فَلَمْ تَجِدْ عِنْدِي غَيْرَ تَمْرَةٍ وَاحِدَةٍ، فَأَعْطَيْتُهَا فَقَسَمَتْهَا بَيْنَ ابْنَتَيْهَا، ثُمَّ قَامَتْ فَخَرَجَتْ، فَدَخَلَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَحَدَّثْتُهُ، فَقَالَ: «مَنْ يَلِي مِنْ هَذِهِ البَنَاتِ شَيْئًا، فَأَحْسَنَ إِلَيْهِنَّ، كُنَّ لَهُ سِتْرًا مِنَ النَّارِ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 5995]
المزيــد ...

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, তেওঁ কৈছেঃ
মোৰ ওচৰলৈ এজনী মহিলা দুটি কন্যা শিশু কোলাতলৈ আহি কিবা খোৱা বস্তু বিচাৰিলে। মোৰ ওচৰত এটা খেজুৰ বাদে একো নাছিল। মই সেইটোৱে তাইক দি দিলোঁ। মহিলাজনীয়ে খেজুৰটো ফালি দুয়ো ছোৱালীক ভগাই দিলে। ইয়াৰ পিছত মহিলাজনী গুচি গ'ল। ইয়াৰ পিছতেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত প্ৰৱেশ কৰিলে। মই সেই ঘটনাটো বিৱৰি ক'লোঁ। তেখেতে ক'লেঃ "যাক এইবোৰ কন্যা সন্তান প্ৰদান কৰি পৰীক্ষা কৰা হয়, আৰু তেওঁ যদি সিহঁতৰ সৈতে ভাল ব্যৱহাৰ (অৰ্থাৎ সুন্দৰভাৱে লালন-পালন) কৰে, তেন্তে এই কন্যাবোৰে জাহান্নামৰ জুইৰ পৰা তাৰ বাবে বাধা হৈ থিয় হ'ব।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 5995]

ব্যাখ্যা

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাদীছটোত জনাইছে যে, তেওঁৰ ওচৰলৈ এজনী মহিলা তাইৰ দুজনী কন্যা সন্তান লগতলৈ আহি কিছু খোৱা বস্তু বিচাৰিলে। কিন্তু তেওঁ সেই মহিলাজনীক দিবলৈ ঘৰত এটা খেজুৰৰ বাহিৰে একো বিচাৰি নাপালে। সেয়ে তেওঁ সেই খেজুৰটোকে তাইক দি দিলে। খেজুৰটো লৈ মহিলাজনীয়ে নিজে নাখাই সেইটোক ফালি দুভাগ কৰি দুয়ো ছোৱালীক ভগাই দিলে। ইয়াৰ পিছত মহিলাজনী গুচি গ'ল। ইপিনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ঘৰত আহিল, আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই এই ঘটনাটো তেখেতক জনালে। তেতিয়া তেখেতে ক'লেঃ যিয়ে কন্যা সন্তানৰ দায়িত্বভাৰ গ্ৰহণ কৰি সুন্দৰভাৱে লালন কৰে, ভাল শিক্ষা দিয়ে, সিহঁতৰ খোৱা-বোৱাকে আদি কৰি ভৰণ-পোষণৰ যাৱতীয় বিষয় সুন্দৰভাৱে চোৱাচিতা কৰে, তাৰ বাবে এই কন্যা সন্তান জাহান্নামৰ জুইৰ পৰা পৰ্দা তথা আৱৰণৰ কাম কৰিব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. কন্যা সন্তানৰ প্ৰতি যত্ন লোৱা আৰু সিহঁতক উত্তমৰূপে লালন-পালন কৰাটো হৈছে অন্যতম এটা সৎকৰ্ম, যিটো জাহান্নামৰ পৰা ৰক্ষা কৰে।
  2. মানুহে নিজৰ সামৰ্থ অনুযায়ী দান খয়ৰাত কৰা উচিত, যদিও সেয়া পৰিমাণত কম নহওক কিয়।
  3. পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ প্ৰতি অধিক যত্নৱান হ'ব লাগে।
  4. হাদীছটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ঘৰৰ অৱস্থা বৰ্ণিত হৈছে যে, তেখেতসকলৰ জীৱিকা আছিল অতি সামান্য।
  5. হাদীছটোত পৰোপকাৰৰ ফজীলত বৰ্ণিত হৈছে, আৰু এইটো হৈছে মুমিনসকলৰ অন্যতম এটা বৈশিষ্ট্য। আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই সেই মহিলাজনীক আৰু তাইৰ দুজনী কন্যাক নিজৰ ওপৰত প্ৰাধান্য দিছিল। প্ৰচণ্ড চাহিদা থকা সত্ত্বেও আনক প্ৰাধান্য দিয়াটো তেওঁৰ উদাৰতা আৰু দয়াৰ প্ৰমাণ বহন কৰে।
  6. কন্যা সন্তানৰ উপহাৰক এটা পৰীক্ষা গণ্য কৰা হয়। কাৰণ সিহঁতক লালন-পালন কৰাটো হৈছে এটা কঠিন আৰু ক্লান্তিকৰ বিষয়, অথবা কিছুমানে কন্যা সন্তান অপছন্দ কৰে, নাইবা বেছিভাগ নাৰীৰেই জীৱিকা উপাৰ্জনৰ কোনো উৎস নাথাকে।
  7. অজ্ঞতা যুগৰ নিন্দনীয় স্বভাৱক নিৰ্মূল কৰাৰ কাৰণেই ইছলামৰ আবিৰ্ভাৱ হৈছে। তেতিয়াৰ পৰাই ইছলামে নাৰীসকলৰ বিষয়ে সদুপদেশ দি আহিছে।
  8. এজনী কন্যা সন্তান লালন-পালন কৰিলেও এই ছোৱাব অৰ্জন হ'ব, এই কথা অন্যান্য বৰ্ণনাত উল্লেখ হৈছে।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ শ্বাহিলী থাই আমহাৰিক ডাচ গুজৰাটী দাৰী ৰোমানিয়ান হাংগেৰী الجورجية المقدونية الخميرية الماراثية
অনুবাদ চাওক
অধিক