عن المِقدام بن معدي كرب رضي الله عنه عن النبي صلى الله عليه وسلم قال:
«إِذَا أَحَبَّ الرَّجُلُ أَخَاهُ فَلْيُخْبِرْهُ أَنَّهُ يُحِبُّهُ».
[صحيح] - [رواه أبو داود والترمذي والنسائي في الكبرى وأحمد] - [سنن أبي داود: 5124]
المزيــد ...
মিক্বদাদ বিন মাদি কাৰিব ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰি কৈছেঃ
যেতিয়া কোনো ব্যক্তিয়ে তাৰ কোনো ভাতৃক ভালপায়, তেতিয়া সি তাক বিষয়টো জনাই দিয়া উচিত যে, সি তাক ভাল পায়।
[ছহীহ] - [(আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)] - [ছুনান আবি দাঊদ - 5124]
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা উপায় বৰ্ণনা কৰিছে যিটোৰ দ্বাৰা মুমিনসকলৰ মাজৰ সম্পৰ্ক শক্তিশালী হয় আৰু তেওঁলোকৰ মাজত মুহাব্বত প্ৰসাৰিত হয়। সেই উপায়টো হৈছে, যদি কোনো ব্যক্তিয়ে কাৰোবাক ভালপায় তেন্তে তেওঁ সেই কথাটো তাক জনাই দিয়া উচিত যে, তেওঁ তাক ভালপায়।