عن أبي هريرة رضي الله عنه عن النبي صلى الله عليه وسلم قال: «أتدرون ما الغِيبَةُ؟»، قالوا: الله ورسوله أعلم، قال: «ذكرُك أخاك بما يكره»، قيل: أرأيت إن كان في أخي ما أقول؟ قال: «إن كان فيه ما تقول فقد اغْتَبْتَهُ، وإن لم يكن فقد بَهَتَّهُ».
[صحيح] - [رواه مسلم]
المزيــد ...

আবু হুৰাইৰাহ ৰাদিয়াল্লাহ ‘আনহুৰ সূত্রত বৰ্ণিত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“তোমালোকে জানানে গীবত কি? তেওঁলোকে ক’লেঃ “আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালকৈ জানে”। তেখেতে ক’লে, তোমালোকৰ ভাতৃয়ে যিটো অপছন্দ কৰে সেই বিষয়ে সমালোচনা কৰা।” প্ৰশ্ন কৰা হ’ল, ‘মই কোৱা বিষয়টো যদি সেই ব্যক্তিৰ মাজত থাকে, তেনেহ’লে আপোনাৰ মতামত কি? (সেইটোও গীবত হ’বনে?)’ তেখেতে ক’লে, "c2">“তুমি কোৱা বিষয়টো যদি তাৰ মাজত থাকে, তেনেহ’লে তুমি তাৰ গীবত কৰিলা। আৰু যদি সেইটো তাৰ মাজত নাথাকে, তেনেহ’লে তুমি তাৰ ওপৰত অপবাদ জাপি দিলা।” ছহীহ – এই হাদীছটোক মুছলিমে বৰ্ণনা কৰিছে।
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

এই হাদীছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গীবতৰ বাস্তৱতা বৰ্ণনা কৰিছে। গীবত হৈছে, অনুপুস্থিত কোনো মুছলিমৰ এনেকুৱা কোনো বিষয়কলৈ আলোচনা কৰা যিটোক তেওঁ অপছন্দ কৰে। বিষয়টো তেওঁৰ স্বভাৱগত চৰিত্রৰো হ’ব পাৰে অথবা সৃষ্টিগত চৰিত্রৰো হ’ব পাৰে। যদিও সেই দোষ তাৰ মাজত বিদ্যমান আছে। আনহাতে যদি তেওঁৰ মাজত তুমি আলোচনা কৰা দোষটো নাথাকে, তেন্তে তুমি তাৰ গীবত কৰাৰ লগতে মানুহজনৰ ওপৰত এনেকুৱা অপবাদ জাপি দিলা যিটো তাৰ মাজত নাই।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. গীবতৰ প্ৰকৃত চিত্ৰ বৰ্ণনা কৰিছে। অৰ্থাৎ কোনো মুছলিম ব্যক্তিৰ এনেকুৱা দোষ চর্চা কৰা যিটোক তেওঁ অপছন্দ কৰে।
  2. কাফিৰৰ ক্ষেত্রত গীবত কৰা হাৰাম নহয়। কাৰণ, হাদীছটোত গীবতক ভাতৃৰ সৈতে চৰ্তযুক্ত কৰা হৈছে, গতিকে ইয়াৰ দ্বাৰা মুছলিমক বুজোৱা হৈছে।
  3. এনেকুৱা কোনো বিষয়ত যদি গীবত কৰা হয় যিটো তাৰ মাজত নাই, তেন্তে সেইটো হ’ব বুহতান বা অপবাদ।
  4. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ তা‘লীমৰ সৌন্দর্য। কিয়নো তেখেতে মাছাইলবোৰ প্রশ্নাকাৰে দাঙি ধৰিছিল।
  5. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে চাহাবাসকলৰ সুন্দৰ আচৰণ। প্ৰশ্নৰ উত্তৰত তেওঁলোকে কৈছিলঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেই ভালকৈ জানে।
অধিক