عَن قُطْبَةَ بنِ مَالِكٍ رَضيَ اللهُ عنه قَالَ: كَانَ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ مُنْكَرَاتِ الأَخْلاَقِ وَالأَعْمَالِ وَالأَهْوَاءِ».
[صحيح] - [رواه الترمذي] - [سنن الترمذي: 3591]
المزيــد ...
কুতবা বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুআ পাঠ কৰিছিল:
"আল্লাহুম্মা ইন্নী আ‘উজু বিকা মিম মুনকাৰাতিল আখলাক্ব, অল আ‘মাল, অল আহৱা।"
অর্থ: হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ নিন্দনীয় চৰিত্ৰৰ পৰা, বেয়া কৰ্ম আৰু প্ৰবৃত্তিৰ বেয়া কামনা-বাসনাৰ পৰা।
[ছহীহ] - [(তিৰমিজী)] - [ছুনান তিৰমিজী - 3591]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুআ পাঠ কৰিছিলঃ হে আল্লাহ! মই আপোনাৰেই আশ্ৰয় বিচাৰিছোঁ আৰু আপোনাৰেই ওচৰতে সহায় প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ বাহিৰে আন কাৰো ওচৰত নহয়, (বেয়া চৰিত্ৰৰ পৰা) যিবোৰ আল্লাহ আৰু তেওঁৰ ৰাছুলে নিষেধ কৰিছে - যেনে- হিংসা, ঈৰ্ষা, অহংকাৰ; (আৰু বেয়া কামৰ পৰা) যেনে- গালি-শপনি দিয়া; (আৰু সকলো বেয়া কামনা-বাসনাৰ পৰা) যিবোৰ নফছে (মনে) ইচ্ছা কৰে, তথা যিবোৰ চৰীয়তৰ পৰিপন্থী।