عن جابر رضي الله عنه : أن رسول الله صلى الله عليه وسلم قال: «رحِم الله رَجُلا سَمْحَا إذا باع، وإذا اشترى، وإذا اقْتَضَى».
[صحيح] - [رواه البخاري]
المزيــد ...

জাবিৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছেঃ "c2">“আল্লাহে সেই ব্যক্তিৰ প্ৰতি ৰহমত বর্ষণ কৰক, যিয়ে নম্ৰতাৰ সৈতে ক্রয়-বিক্রয় কৰে আৰু ঋণ ঘূৰাই লোৱাৰ ক্ষেত্ৰত অৱকাশ দিয়ে।” ছহীহ – এই হাদীছটোক বুখাৰীয়ে বর্ণনা কৰিছে।
ছহীহ - বুখাৰীয়ে বৰ্ণনা কৰিছে।

ব্যাখ্যা

হাদীছৰ ভাবাৰ্থ: "c2">“আল্লাহে সেই ব্যক্তিৰ প্ৰতি ৰহমত বর্ষণ কৰক।” আল্লাহৰ ৰহমতৰ এই দুআ প্ৰত্যেক সেই ব্যক্তিৰ বাবে, যিয়ে ক্রয়-বিক্রয় কৰাৰ সময়ত নম্ৰতা অৱলম্বন কৰে আৰু ঋণ ঘূৰাই লোৱাৰ ক্ষেত্ৰত অৱকাশ প্ৰদানৰ নীতি অৱলম্বন কৰে। ইয়াত লেনদেনৰ ক্ষেত্রত নাৰী আৰু পুৰুষ সকলোৱে সমান। পুৰুষৰ কথা এইকাৰণে উল্লেখ কৰা হৈছে যে, অধিকাংশ লেনদেন পুৰুষেই কৰে। বিক্ৰীৰ সময়ত নম্ৰতা অৱলম্বনৰ অৰ্থ হৈছে যাতে কিনোতাৰ ওপৰত দামৰ ক্ষেত্ৰত কঠোৰতা আৰোপ নকৰে, বৰং যাতে উচিত মূল্য গ্ৰহণ কৰে। আহমাদ আৰু নাছাঈত ‘উছমান ইবনে ‘আফফান ৰাদ্বিয়াল্লাহু ‘আনহুৰ বর্ণনাত আহিছে, "c2">“মহান আল্লাহে সেই ব্যক্তিক জান্নাতত প্ৰৱেশ কৰাব যিয়ে কিনা-বেচাত সহজ আছিল।” "c2">“আৰু যেতিয়া ক্রয় কৰে” অৰ্থাৎ নিজে যেতিয়া কিনিবলৈ যায় তেতিয়া দামলৈ বেছি টনা-আজোঁৰা নকৰে; বৰং সহজ আৰু নম্ৰ ব্যৱহাৰ কৰে। "c2">“আৰু যেতিয়া ঋণ ঘূৰাই লয়” কাৰোবাৰ ওচৰত ঋণ পাবলগীয়া থাকিলে নম্রতা অৱলম্বন কৰে আৰু অৱকাশ দিয়ে,কঠোৰতা নকৰে। ইবনে হিব্বানে উল্লেখ কৰা জাবিৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত হাদীছত আহিছে যে, "c2">“ঋণ পৰিশোধ কৰাৰ সময়ত সৰলতা অৱলম্বন কৰে” অৰ্থাৎ যদি তাৰ ওপৰত ঋণ থাকে তেনেহ’লে সেইটো পৰিশোধ কৰাৰ সময়ত অজুহাত নেদেখুৱায় তথা বাহনা নকৰে আৰু আনৰ অধিকাৰ আদায়ৰ বিষয়টো আওকাণ নকৰে; বৰং সহজভাৱে আৰু পৱিত্ৰ অন্তৰ লৈ সেইটো আদায় কৰে। উপৰোক্ত চাৰি প্ৰকাৰ লোকৰ বাবে নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে ৰহমতৰ দুআ কৰিছে, যেতিয়ালৈকে তেওঁলোকে ক্রয়-বিক্রয় আৰু ঋণ লেনদেন তথা পৰিশোধৰ সময়ত অৱকাশ নীতি অৱলম্বন কৰিব।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. বেচা কিনাৰ ক্ষেত্ৰত ক্ষমাৰ দৃষ্টিৰে চোৱা মুস্তাহাব। উদাহৰণস্বৰূপে, কিনোতা আৰু বিক্রেতা উভয়েই এনেকুৱা বিষয় এৰাই চলিব লাগে যিবোৰৰ দ্বাৰা পৰস্পৰে কষ্ট পায় বা বিৰক্তৰ কাৰণ হয়।
  2. ঋণ আদায়ৰ ক্ষেত্ৰত নম্রতা অৱলম্বন কৰিবলৈ উৎসাহ দিয়া হৈছে, আনকি পৰিস্থিতি অনুযায়ী ঋণৰ কিছু অংশ ক্ষমা কৰি দিয়া উত্তম।
অধিক