عَنْ أَبِي هُرَيْرَةَ رَضيَ اللهُ عنهُ أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«رُبَّ أَشْعَثَ مَدْفُوعٍ بِالْأَبْوَابِ لَوْ أَقْسَمَ عَلَى اللهِ لَأَبَرَّهُ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 2622]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"বহুতো এনেকুৱা লোক আছে, যাৰ চুলিবোৰ অপৰিপাটি, যাক দুৱাৰৰ পৰা আঁতৰাই পঠোৱা হয়, এনেকুৱা ব্যক্তিয়ে আল্লাহৰ নামত শপত কৰিলে আল্লাহে সেয়া সত্যত পৰিণত কৰে।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2622]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মানুহৰ মাজত এনেকুৱাও কিছুমান মানুহ আছে, যিসকলৰ চুলিবোৰ অপৰিপাটি হৈ থাকে, নোধোৱাৰ ফলত আৰু তেল আদি ব্যৱহাৰ নকৰাৰ ফলত মলিন হৈ থাকে, যাৰ ফলত মানুহে সিহঁতক গুৰুত্ব নিদিয়ে, সিহঁতে কাৰোবাৰ দুৱাৰত গ'লে আঁতৰাই দিয়ে, আৰু হেয় প্ৰতিপন্ন কৰি খেদি পঠিয়ায়। এনেকুৱা ব্যক্তিয়ে যদি কোনো বিষয়ত শপত খায় তেন্তে আল্লাহে সিহঁতৰ প্ৰাৰ্থনাত সঁহাৰি প্ৰদান কৰি সেই বিষয়টোক সত্যত পৰিণত কৰে, লগতে সিহঁতৰ শপত ভংগ হোৱাৰ পৰা ৰক্ষা কৰে। এইটো হয় এই কাৰণে যে, আল্লাহৰ ওচৰত সিহঁতৰ মৰ্যাদা আছে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. আল্লাহে বান্দাৰ আকাৰ-আকৃতিৰ প্ৰতি নাচায়, বৰং আল্লাহে সিহঁতৰ অন্তৰ আৰু আমলৰ প্ৰতিহে দৃষ্টিপাত কৰে।
  2. মানুহে নিজৰ শৰীৰ আৰু কাপোৰৰ প্ৰতি দিয়া মনোযোগতকৈ নিজৰ অন্তৰৰ পৱিত্ৰতা আৰু আমলৰ প্ৰতিহে বেছি মনোযোগ দিব লাগে।
  3. আল্লাহৰ প্ৰতি বিনীত হোৱা আৰু নত স্বীকাৰ কৰাটো হৈছে দুআ কবুল হোৱাৰ অন্যতম এটা কাৰণ। এই কাৰণেই মহান আল্লাহে গোপনভাৱে তাক্বৱা অৱলম্বনকাৰী মুত্তাক্বীৰ শপত সত্যত পৰিণত কৰে।
  4. হাদীছটোত মানুহৰ বাবে নবৱী শিক্ষা বৰ্ণিত হৈছে। যাতে মানুহে ইজনে সিজনক হেয় প্ৰতিপন্ন নকৰে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (40)
অধিক