عَنْ عَدِيِّ بْنِ حَاتِمٍ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«مَا مِنْكُمْ مِنْ أَحَدٍ إِلَّا سَيُكَلِّمُهُ اللهُ، لَيْسَ بَيْنَهُ وَبَيْنَهُ تُرْجُمَانٌ، فَيَنْظُرُ أَيْمَنَ مِنْهُ فَلَا يَرَى إِلَّا مَا قَدَّمَ، وَيَنْظُرُ أَشْأَمَ مِنْهُ فَلَا يَرَى إِلَّا مَا قَدَّمَ، وَيَنْظُرُ بَيْنَ يَدَيْهِ فَلَا يَرَى إِلَّا النَّارَ تِلْقَاءَ وَجْهِهِ، فَاتَّقُوا النَّارَ وَلَوْ بِشِقِّ تَمْرَةٍ».

[صحيح] - [متفق عليه] - [صحيح مسلم: 1016]
المزيــد ...

আদী বিন হাতিম ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"তোমালোকৰ মাজৰ প্ৰত্যেকেই আল্লাহৰ লগত এনেকৈ কথা ক'ব যে, তাৰ আৰু আল্লাহৰ মাজত কোনো অনুবাদকাৰী নাথাকিব। তেতিয়া সি নিজৰ সোঁফালে চাব, তেতিয়া তাত কেৱল নিজৰ আমলহে দেখা পাব, আৰু বাওঁফালে লক্ষ্য কৰিব, তাতো কেৱল নিজৰ আমলহে দেখা পাব, আৰু সন্মুখৰ পিনে চাব, তাত দেখা পাব জাহান্নাম। গতিকে জাহান্নামৰ জুইৰ পৰা বাচিবলৈ চেষ্টা কৰা, যদিও এটুকুৰা খেজুৰৰ জৰিয়তেই নহওক কিয়।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 1016]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, কিয়ামতৰ দিনা প্ৰতিজন মুমিন ব্যক্তি আল্লাহৰ সন্মুখত অকলেই থিয় হ'ব। মহান আল্লাহে তেওঁৰ সৈতে কোনো মাধ্যম নোহোৱাকৈয়ে কথা পাতিব, উভয়ৰ মাজত কোনো অনুবাদক নাথাকিব কথোপকথনৰ অনুবাদ কৰিবলৈ। ঠিক সেই ভীত-সন্ত্ৰস্ত অৱস্থাত তেওঁ সোঁফালে আৰু বাওঁফালে চাব, এই আশাত যে, সন্মুখত থকা জাহান্নামৰ পৰা মুক্তি পোৱাৰ কোনো উপায় আছে নেকি। তেওঁ যেতিয়া সোঁফালে দৃষ্টিপাত কৰিব, তেতিয়া তাত তেওঁ পৃথিৱীত কৰি অহা নেক আমলৰ বাহিৰে আন একো দেখা নাপাব। আনহাতে যেতিয়া বাওঁফালে দৃষ্টিপাত কৰিব, তেতিয়া তেওঁ নিজৰ বেয়া আমলৰ বাহিৰে আন একো দেখা নাপাব। এইদৰে যেতিয়া সন্মুখৰ ফালে দৃষ্টিপাত কৰিব তেতিয়া জাহান্নামৰ বাহিৰে একো দেখা নাপাব। ইয়াৰ পৰা পলায়ন কৰাও সম্ভৱ নহয়, জাহান্নামৰ ওপৰত স্থাপিত পুলচিৰাতেৰে তেওঁ পাৰ হ'বই লাগিব। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে নিজকে জাহান্নামৰ পৰা ৰক্ষা কৰিবলৈ নেক আমল কৰা আৰু চাদাক্বাৰ জৰিয়তে ৰক্ষাকবচ বনাই লোৱা। যদিও কম পৰিমাণেই নহওক কিয়, সেয়া লাগিলে অৰ্দ্ধেক খেজুৰে হওক।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. চাদাক্বাহ কৰিবলৈ উৎসাহিত কৰা হৈছে, যদিও কম পৰিমাণেই নহওক কিয়। এইদৰে উত্তম চৰিত্ৰ অৱলম্বন কৰিবলৈও উৎসাহিত কৰা হৈছে, সদাচৰণ কৰিবলৈ তথা সুকোমল কথা ক'বলৈ উৎসাহিত কৰা হৈছে।
  2. কিয়ামতৰ দিনা মহান আল্লাহ বান্দাৰ নিকটৱৰ্তী হ'ব। উভয়ৰ মাজত কোনো আঁৰ অথবা কোনো মধ্যস্থতাকাৰী নাইবা কোনো অনুবাদকো নাথাকিব। গতিকে মুমিন ব্যক্তিয়ে নিজ প্ৰতিপালকৰ নিৰ্দেশনা অমান্য কৰাৰ পৰা সতৰ্ক থকা উচিত।
  3. বান্দাই কোনো চাদাক্বাকে হীন বুলি গণ্য কৰা উচিত নহয়। পৰিমাণত যিমানেই কম নহওক কিয়। কাৰণ চাদাক্বাহ হৈছে জাহান্নামৰ পৰা মুক্তি লাভ কৰাৰ উপায়।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ওৰোমো কান্নাড়া الولوف আজেৰি ইউক্ৰেইনীয়ান الجورجية المقدونية الخميرية البنجابية الماراثية
অনুবাদ চাওক
অধিক