عن أبي بشير الأنصاري رضي الله عنه "أنه كان مع رسول الله صلى الله عليه وسلم في بعض أسفاره، فأرسل رسولا أن لا يَبْقَيَنَّ في رقبة بَعِيرٍ قِلادَةٌ من وَتَرٍ (أو قلادة) إلا قطعت".
[صحيح] - [متفق عليه]
المزيــد ...

আবু বাশ্বীৰ আল-আনচাৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, "c2">“তেওঁ কোনোবা এটা ভ্ৰমণত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিল। তেখেতে চাল্লাল্লাহু আলাইহি অছাল্লামে এজন বার্তাবাহক প্ৰেৰণ কৰি সংবাদ পঠিয়ালে যে, কোনো উটৰ ডিঙিত যাতে ধেনুৰ ৰছীৰ হাৰ লগোৱা নাথাকে। যদি থাকে তেন্তে সেয়া যেন কাটি পেলোৱা হয়।”
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কোনোবা এটা ছফৰত এজন আহ্বানকাৰীক প্ৰেৰণ কৰিলে যাতে তেওঁ উটৰ ডিঙিত ওলমাই ৰখা হাৰ আঁতৰাবলৈ মানুহক জনাই দিয়ে, মানুহে সেইবোৰ বদ-নজৰ বা মুচিবত দূৰ কৰাৰ উদ্দেশ্যে ওলমাই ৰাখে। এনেকুৱা বস্তু পৰিহাৰ কৰা ওৱাজিব, কাৰণ এইবোৰ হৈছে শ্বিৰ্ক।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. বিপদ-আপদ প্রতিহত কৰিবলৈ সুতা বা ৰছী আদি বন্ধা হাৰাম। এইটোক তাবীজ ওলমাৰ দৰেই গণ্য কৰা হয়।
  2. মানুহক এনেকুৱা আমল কৰিবলৈ দাৱাত দিয়া উচিত যিটোৱে তেওঁলোকৰ আকীদাৰ হিফাজত কৰিব।
  3. সাধ্য অনুযায়ী বেয়া কৰ্মক বাধা প্রদান কৰা অনিবাৰ্য।
  4. খবৰে ৱাহিদ গ্ৰহণযোগ্য।
  5. যি হাৰেই নহওক কিয়, যদি কোনোবাই সেইটোৰ দ্বাৰা উপকাৰ হ’ব বুলি বিশ্বাস কৰে, এনেকুৱা ভ্ৰান্ত-ধাৰণাক খণ্ডন কৰা হৈছে।
  6. প্রতিনিধি হৈছে মূল ব্যক্তিৰেই সমতুল্য, তেওঁক যি দায়িত্ব প্ৰদান কৰা হৈছে সেই ক্ষেত্ৰত তেওঁ মূল ব্যক্তিৰ স্থলাভিষিক্ত।
  7. সম্প্রদায়ৰ মুৰব্বীয়ে অধীনস্থসকলৰ অৱস্থা পর্যবেক্ষণ কৰা উচিত। তেওঁ সিহঁতৰ খা-খবৰ লোৱা উচিত আৰু সিহঁতৰ অৱস্থা চোৱাচিতা কৰা উচিত।
  8. জাতিৰ মুৰব্বীয়ে সিহঁতক চৰীয়ত অনুযায়ী পৰিচালনা কৰা উচিত। যদি সিহঁতে কোনো নিষিদ্ধ কাম কৰে তেন্তে সিহঁতক বাধা দিয়া উচিত, আৰু যদি কোনো ওৱাজিব বিষয়ত সিহঁতে অৱহেলা কৰে তেন্তে সিহঁতক উৎসাহিত কৰা উচিত।
অধিক