عن عائشة رضي الله عنها ، قالت: لما نُزِلَ برسول الله صلى الله عليه وسلم ، طَفِقَ يَطْرَحُ خَمِيصَةً له على وجهه، فإذا اغْتَمَّ بها كشفها فقال -وهو كذلك-: "لَعْنَةُ الله على اليهود والنصارى، اتخذوا قبور أنبيائهم مساجد -يُحَذِّرُ ما صنعوا". ولولا ذلك أُبْرِزَ قَبْرُهُ، غير أنه خَشِيَ أن يُتَّخَذَ مسجدا.
[صحيح] - [متفق عليه]
المزيــد ...

আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যু সময়ত তেখেতে নিজৰ মুখমণ্ডলখন এখন চাদৰেৰে ঢাকি ল’লে। যেতিয়া তেখেত অচেতন হৈ পৰিছিল তেতিয়া সেইখন গুচাই দিছিল। সেই মৃত্যু শয্যাত তেখেতে কৈছিলঃ ‘‘আল্লাহে ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ ওপৰত অভিসম্পাত কৰক, সিহঁতে সিহঁতৰ নবীসকলৰ সমাধিসমূহক উপাসনালয়ত পৰিণত কৰিছে। সিহঁতে যি কৰিছে তাৰ পৰা তেখেতে (মুছলিমসকলক) সতৰ্ক কৰিছে।” যদি এইটো নকৰিলেহেঁতেন তেন্তে তেখেতৰ কবৰক উন্মুক্ত ৰখা হ’লহেঁতেন। তেখেতে আশংকা কৰিছিল যে, তেখেতৰ কবৰক ছাজদাৰ স্থানত পৰিণত কৰা হ’ব। ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই আমাক জনাইছে যে, যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যু উপস্থিত হ’ল, সেই মুমূৰ্ষ অৱস্থাত তেখেতে ক’লেঃ ‘‘আল্লাহে ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ ওপৰত অভিসম্পাত কৰক। কাৰণ, সিহঁতে সিহঁতৰ নবীসকলৰ সমাধিসমূহক উপাসনালয়ত পৰিণত কৰিছে।’’ ইয়াৰ পিছত আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই ফলাফল বর্ণনা কৰি কৈছেঃ তেখেতে ইয়াৰ দ্বাৰা তেখেতৰ উম্মতক ইয়াহুদী আৰু খ্ৰীষ্টানসকলে যি অপকৰ্মত লিপ্ত হৈছিল সেইটোত লিপ্ত হোৱাৰ পৰা সতর্ক কৰিছে, তেওঁলোকে যেন সিহঁতৰ দৰে তেখেতৰ কবৰৰ ওপৰত মছজিদ নিৰ্মাণ নকৰে। ইয়াৰ পিছত তেওঁ স্পষ্ট কৰি ক’লে যে, এইকাৰণেই চাহাবাসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তেখেতৰ কোঠাৰ বাহিৰত দাফন কৰা নাছিল, যাতে তেখেতৰ কবৰক ছাজদাৰ স্থান বনাই নলয়।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নবী আৰু পূণ্যৱান লোকসকলৰ কবৰক ছাজদাৰ স্থান বনোৱা নিষিদ্ধ। কিয়নো, এইটো শ্বিৰ্কৰ মাধ্যম।
  2. তাওহীদৰ প্ৰতি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সবোর্চ্চ গুৰুত্ব প্ৰদান কৰিছিল আৰু যত্নৱান আছিল। তেখেতৰ আশংকা আছিল যে, তেখেতৰ কবৰক বিশেষ সন্মান কৰা হ’ব। কিয়নো, এইটো শ্বিৰ্কৰ ফালে লৈ যায়।
  3. ইয়াহুদী, খ্ৰীষ্টান আৰু সিহঁতৰ দৰে যিসকলে কবৰৰ ওপৰত ঘৰ বনায় আৰু কবৰক মছজিদ বনায় সিহঁতৰ ওপৰত অভিশাপ কৰা বৈধ।
  4. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তেখেতৰ কোঠাত দাফন কৰাৰ উদ্দেশ্য হৈছে, ফিতনাৰ পৰা বিৰত থকা।
  5. নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও আছিল এজন মানুহ। অন্যান্য মানুহৰ যেনেকৈ মৃত্যু যন্ত্রণা হয় তেনেকৈ তেখেতৰো হৈছিল।
  6. উম্মতৰ প্ৰতি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগ্রহ।
  7. সামগ্রীকভাৱে কাফিৰসকলৰ ওপৰত অভিসম্পাত কৰা বৈধ।
  8. সাধাৰণতে কবৰৰ ওপৰত নির্মাণকাৰ্য কৰা হাৰাম।
  9. যিসকলে আন আন লোকৰ পৰা পৃথক কৰিবলৈ আলিমসকলৰ কবৰসমূহৰ ওপৰত নির্মাণক বৈধ বুলি আখ্যায়িত কৰে, সিহঁতৰ বিপক্ষে এইটো এটা প্ৰত্যুত্তৰ।
  10. কবৰৰ ওপৰত নির্মাণ কৰা ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ নীতি।
  11. উম্মুল মুমিনীন আইশ্বা ৰাদ্বিয়াল্লাহু ‘আনহাৰ বিচক্ষণতাৰ বর্ণনা।
অধিক