عن عبد الله بن مسعود رضي الله عنه أن رسول الله صلى الله عليه وسلم قال: "مَنْ مات وهو يدعُو مِنْ دون الله نِدًّا دخَل النَّار".
[صحيح] - [رواه البخاري]
المزيــد ...

আব্দুল্লাহ ইবনে মাছ‘ঊদ ৰাদিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“আল্লাহৰ বাহিৰে আনক আহ্বান কৰা অৱস্থাত যিয়ে মৃত্যুবৰণ কৰিব, সি জাহান্নামত প্ৰৱেশ কৰিব।” ছহীহ – এই হাদীছটোক বুখাৰীয়ে বর্ণনা কৰিছে।
ছহীহ - বুখাৰীয়ে বৰ্ণনা কৰিছে।

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছটোৰ জৰিয়তে সংবাদ দিছে যে, যি ব্যক্তিয়ে আল্লাহৰ সৈতে নিৰ্দিষ্ট কোনো আমল আনৰ বাবেও কৰে আৰু ইয়াৰ ওপৰত অবিচল থকা অৱস্থাতেই যদি সি মৃত্যুবৰণ কৰে তেন্তে নিশ্চিতভাৱে তাৰ ঠিকনা হৈছে জাহান্নাম।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. যি ব্যক্তিয়ে শ্বিৰ্কৰ ওপৰত মৃত্যুবৰণ কৰিব সি নিশ্চিতভাৱে জাহান্নামত প্ৰৱেশ কৰিব। যদি ডাঙৰ শ্বিৰ্ক কৰিছে, তেন্তে সি চিৰস্থায়ী জাহান্নামী হ’ব। আনহাতে যদি সৰু শ্বিৰ্ক কৰিছে, তেন্তে আল্লাহে যিমান দিন ইচ্ছা কৰিব সিমান দিন শাস্তি বিহাৰ পিছত তাৰ পৰা উলিয়াই আনিব।
  2. আমলৰ শেষ অৱস্থাই হৈছে বিবেচ্য বিষয়।
  3. দুআ হৈছে এক প্ৰকাৰ ইবাদত। গতিকে আল্লাহৰ বাহিৰে আনৰ ওচৰত দুআ কৰা বৈধ নহয়।
অধিক