عن أبي هريرة رضي الله عنه أن رسول الله صلى الله عليه وسلم قال: «ما نقصت صدقة من مال، وما زاد الله عبدا بعفو إلا عزا، وما تواضع أحد لله إلا رفعه الله عز وجل »
[صحيح] - [رواه مسلم]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“চাদাক্বাই কেতিয়াও সম্পদ হ্ৰাস নকৰে আৰু ক্ষমা কৰাৰ বিনিময়ত আল্লাহে (ক্ষমাকাৰীৰ) সন্মান বৃদ্ধি কৰে; আৰু যিয়ে আল্লাহৰ (সন্তুষ্টি অৰ্জনৰ) বাবে বিনয়ী হ’ব, আল্লাহে তাক উচ্চ মর্যাদাত উন্নীত কৰিব।”
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

"c2">“চাদাক্বাই সম্পদ হ্ৰাস নকৰে” অর্থাৎ চাদাক্বাহ উলিয়ালে সম্পদ হ্ৰাস নহয় বৰং বৃদ্ধি হয়, আৰু তাত বৰকত হয়, লগতে বিপদ-আপদ দূৰ হয়। এই বৃদ্ধি কেতিয়াবা পৰিমাণত হয়। যেনে, আল্লাহে সেই বান্দাৰ বাবে জীৱিকাৰ দুৱাৰসমূহ খুলি দিয়ে। আকৌ কেতিয়াবা এই বৃদ্ধি ধৰণত হয়: যেনে, আল্লাহে তাক এনেকুৱা বৰকত দান কৰে, ফলত তেওঁ যি দান কৰিছে তাতকৈও অধিক সম্পদ বৃদ্ধি হয়। "c2">“ক্ষমা কৰাৰ বিনিময়ত আল্লাহে (ক্ষমাকাৰীৰ) সন্মান বৃদ্ধি কৰে”। অর্থাৎ যিয়ে ক্ষমা কৰি দিয়ে তথা প্ৰতিশোধ নলয়, তেওঁ মানুহৰ অন্তৰত নেতৃত্বৰ স্থান পায় আৰু মহৎ হয়, তেওঁৰ ইজ্জত তথা সন্মান বৃদ্ধি পায়, লগতে সেই ব্যক্তি পৃথিৱী আৰু আখিৰাতত উচ্চ মর্যাদা লাভ কৰে। "c2">“আৰু যিয়ে আল্লাহৰ (সন্তুষ্টি অৰ্জনৰ) বাবে বিনয়ী হ’ব, আল্লাহে তাক উচ্চ মর্যাদাত উন্নীত কৰিব।” অর্থাৎ যিয়ে আল্লাহৰ বাবে বিনয়ী হয়, আল্লাহৰ সন্মুখত নিজকে তুচ্ছ জ্ঞান কৰে, মানুহৰ প্রতি নমনীয় হয় আৰু মুছলিমসকলৰ প্রতি সহানুভূতি প্রকাশ কৰে, এইবোৰ গুণৰ অধিকাৰী ব্যক্তিৰ মর্যাদা পৃথিৱীতো বৃদ্ধি পায় আৰু মানুহৰ অন্তৰত তাৰ গ্রহণযোগ্যতা বাঢ়ে, আৰু জান্নাতত সেই ব্যক্তি হ’ব সুউচ্চ স্তৰৰ অধিকাৰী।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. চাদাক্বাৰ প্ৰতি উৎসাহ প্ৰদান কৰা হৈছে।
  2. চাদাক্বাহ হৈছে সম্পদ সংৰক্ষণৰ মাধ্যম তথা বৃদ্ধি আৰু বৰকতৰ কাৰণ।
  3. সম্পদৰ বৃদ্ধি কেতিয়াবা অপ্ৰকাশ্যভাৱে হয়, যেনে- আল্লাহে জীৱিকাৰ দুৱাৰসমূহ খুলি দিয়ে। আকৌ কেতিয়াবা প্ৰকাশ্যভাৱে হয়, যেনে আল্লাহে সম্পদৰ মাজত বৰকত দান কৰে, ফলত যি পৰিমাণ চাদাক্বাহ কৰা হৈছে তাতকৈও অধিক বৃদ্ধি পায়।
  4. অজানিতে কৰা ভুলক ক্ষমা কৰিবলৈ উৎসাহ প্রদান কৰা হৈছে।
  5. বিনয়ী হ’বলৈ উৎসাহ প্রদান কৰা হৈছে।
  6. বিনয়ী হোৱাটো কোনো অপমান বা দুৰ্বলতা নহয়, যিদৰে কিছুমান মানুহে ধাৰণা কৰে। বৰং এইটো হৈছে সন্মান, যেনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে।
  7. বিনয়ী হোৱাৰ এই ফজিলত কেৱল সেই ব্যক্তিৰ বাবে, যিয়ে নিষ্ঠা সহকাৰে আল্লাহৰ উদ্দেশ্যে বিনয় অৱলম্বন কৰে। কিন্তু যিয়ে মানুহক দেখুৱাবলৈ বিনয় অৱলম্বন কৰে তাৰ বাবে নহয়।
  8. ইজ্জত তথা সন্মান আল্লাহ ছুবহানাহু অতা`লাৰ হাতত, তেওঁ যাক ইচ্ছা কৰে সন্মান দান কৰে; যদিহে সেই ব্যক্তি সন্মান লাভ কৰাৰ উপায় অৱলম্বন কৰিছে।