عن سعد بن عبادة رضي الله عنه أنه قال:
يَا رَسُولَ اللَّهِ، إِنَّ أُمَّ سَعْدٍ مَاتَتْ، فَأَيُّ الصَّدَقَةِ أَفْضَلُ؟، قَالَ: «الْمَاءُ»، قَالَ: فَحَفَرَ بِئْرًا، وَقَالَ: هَذِهِ لِأُمِّ سَعْدٍ.
[حسن بمجموع طرقه] - [رواه أبو داود والنسائي وابن ماجه] - [سنن أبي داود: 1681]
المزيــد ...
ছাআদ বিন উবাদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
হে আল্লাহৰ ৰাছুল! ছাআদৰ মাক মৃত্যুবৰণ কৰিছে, গতিকে তেওঁৰ হকে কোনটো চাদাক্বাহ উত্তম হ'ব? তেখেতে ক'লেঃ "পানী"। ইয়াৰ পিছত তেওঁ এটা কুঁৱা খান্দি ক'লে যে, এইটো উম্মু ছাআদৰ বাবে অকফ কৰিলোঁ।
[حسن بمجموع طرقه] - [رواه أبو داود والنسائي وابن ماجه] - [ছুনান আবি দাঊদ - 1681]
ছাআদ বিন উবাদাৰ মাকৰ মৃত্যু হোৱাৰ পিছত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক আটাইতকৈ উত্তম চাদাক্বাহ সম্পৰ্কে সুধিলে, যাতে তেওঁ মাকৰ কাৰণে চাদাক্বাহ কৰিব পাৰে। ইয়াৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ পানী দান কৰাটো হৈছে আটাইতকৈ উত্তম চাদাক্বাহ। এই শুনি তেওঁ এখন কুঁৱা খান্দি সেইখন মাকৰ নামত অকফ কৰি দিলে।