+ -

عن أبي هريرة رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم:
«إِنَّ اللهَ لَا يَنْظُرُ إِلَى صُوَرِكُمْ وَأَمْوَالِكُمْ، وَلَكِنْ يَنْظُرُ إِلَى قُلُوبِكُمْ وَأَعْمَالِكُمْ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 2564]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
নিশ্চয় আল্লাহে তোমালোকৰ আকাৰ-আকৃতিৰ প্ৰতি নাচায়, বৰং তোমালোকৰ অন্তৰ আৰু আমলৰ প্ৰতিহে চায়।

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2564]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, মহান আল্লাহে বান্দাসকলৰ শৰীৰ আৰু আকাৰ-আকৃতিৰ প্ৰতি গুৰুত্ব নিদিয়ে, সুন্দৰ নে কুৎসিত? সৰু নে ডাঙৰ? সুস্থ নে বেমাৰী? সিহঁতৰ ধন-সম্পদৰ প্ৰতিও গুৰুত্ব নিদিয়ে যে, সম্পদৰ পৰিমাণ কম আছিল নে বেছি আছিল? মহান আল্লাহে তেওঁৰ বান্দাসকলক এইবোৰ দুনিয়াবী বিষয়ত কম বেছি সম্পৰ্কে জবাবদিহি নকৰিব। বৰং সিহঁতৰ অন্তৰত থকা তাক্বৱা, য়াক্বীন, বিশ্বস্ততা আৰু ইখলাচ অনুযায়ীহে ফয়চালা কৰিব। অথবা সিহঁতৰ উদ্দেশ্যক প্ৰাধান্য দিব, কি উদ্দেশ্যত কৰ্মটো কৰিছিল, মানুহক দেখুৱাবলৈ নে গৌৰৱ অৰ্জন কৰিবলৈ। এইদৰে সিহঁতৰ আমলৰ প্ৰতিও তেওঁ গুৰুত্ব দিব, সঠিকভাৱে আমল কৰিছিল নে ভুল পদ্ধতিত কৰিছিল। সেইমতে তেওঁ সিহঁতক ছোৱাব প্ৰদান কৰিব তথা প্ৰতিদান দিব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. গতিকে আমি অন্তৰক সংশোধনৰ প্ৰতি গুৰুত্ব দিয়া উচিত, আৰু প্ৰতিটো বেয়া অভ্যাসৰ পৰা ইয়াক পৰিস্কাৰ কৰা উচিত।
  2. ইখলাচৰ জৰিয়তে অন্তৰক সংশোধন কৰিব লাগে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণৰ জৰিয়তে আমল সংশোধন কৰিব লাগে। এই দুটাকেই মহান আল্লাহে গুৰুত্ব দিয়ে তথা বিবেচনাযোগ্য বুলি গ্ৰহণ কৰে।
  3. নিজৰ ধন-সম্পদ, সৌন্দৰ্য, শাৰীৰিক গঠন আৰু পাৰ্থিৱ জীৱনৰ কোনো বস্তুৱেই যেন মানুহক প্ৰৱঞ্চিত কৰিব নোৱাৰে।
  4. আভ্যন্তৰীণ দিশক সংশোধন নকৰাকৈ বাহ্যিক দিশৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰা সতৰ্ক কৰা হৈছে।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি اليونانية الأكانية উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক