عَنْ ابْنَ عُمَرَ رَضِيَ اللَّهُ عَنْهُمَا قَالَ: سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«إِذَا رَأَيْتُمُوهُ فَصُومُوا، وَإِذَا رَأَيْتُمُوهُ فَأَفْطِرُوا، فَإِنْ غُمَّ عَلَيْكُمْ فَاقْدُرُوا لَهُ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 1900]
المزيــد ...

ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ
"তোমালোকে (ৰমাজানৰ) জোন দেখি ৰোজা আৰম্ভ কৰিবা আৰু (শ্বাওৱালৰ) জোন দেখি ৰোজা এৰিবা। যদি উদয়স্থল ডাৱৰীয়া হৈ থাকে তেন্তে হিচাপ অনুযায়ী অনুমান কৰিবা।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 1900]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমাজান মাহৰ আৰম্ভণি আৰু অন্ত সম্পৰ্কে অৱগত কৰিছে। তেখেতে কৈছেঃ যেতিয়া তোমালোকে ৰমাজান মাহৰ জোন দেখিবা তেতিয়া ৰোজা ৰখা আৰম্ভ কৰিবা। কিন্তু যদি আকাশ ডাৱৰীয়া হৈ থকাৰ কাৰণে জোন দেখা নোপোৱা তেন্তে শ্বাবান মাহৰ ত্ৰিছ দিন পূৰ্ণ কৰিবা। আনহাতে যদি শ্বাওৱাল মাহৰ জোন দেখা পোৱা তেন্তে ৰোজা এৰিবা। কিন্তু যদি আকাশ ডাৱৰীয়া হৈ থকাৰ কাৰণে জোন দেখা নোপোৱা তেন্তে ৰমাজান মাহৰ ত্ৰিছ দিন পূৰ্ণ কৰিবা।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. মাহৰ আৰম্ভণি নিৰ্ভৰ কৰে জোন দেখাৰ ওপৰত, হিচাপৰ ওপৰত নহয়।
  2. ইবনুল মুনজিৰে ইজমা নকল কৰিছে যে, জোন নেদেখাকৈ কেৱল হিচাপৰ ওপৰত নিৰ্ভৰ কৰি ৰমাজান মাহৰ ৰোজা ৰখাটো ওৱাজিব নহয়।
  3. যদি আকাশ ডাৱৰীয়া হয় তেন্তে শ্বাবান মাহৰ ত্ৰিছ দিন পূৰ্ণ কৰা ওৱাজিব।
  4. চন্দ্ৰ মাহ ঊনত্ৰিশ দিনীয়া অথবা ত্ৰিছ দিনীয়া হয়। ইয়াতকৈ কমো নহয়, বেছিও নহয়।
  5. এইদৰে আকাশ ডাৱৰীয়া হোৱাৰ কাৰণে যদি শ্বাওৱাল মাহৰ জোন দেখা নাযায় তেন্তে ৰমাজান মাহৰ ত্ৰিছ দিন সম্পূৰ্ণ কৰা ওৱাজিব।
  6. যদি কোনোবাই এনেকুৱা ঠাইত বসবাস কৰে য'ত ৰোজা সম্পৰ্কীয় বিষয় চোৱাচিতা কৰাৰ কাৰণে কোনো দল সংগঠন নাই, অথবা এনেকুৱা কোনো ব্যক্তি, যিয়ে ৰোজা সম্পৰ্কীয় বিষয়ত সচেতন নহয়, তেনেক্ষেত্ৰত নিজেই ইয়াৰ ব্যৱস্থা কৰা উচিত, তথা নিজেই জোন দেখাৰ প্ৰয়াস কৰা উচিত অথবা কোনো নিৰ্ভৰযোগ্য ব্যক্তিয়ে দেখা জোনৰ ভিত্তিত ৰোজা ৰখা উচিত আৰু ৰোজা এৰা উচিত।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (50)