عن عمر بن الخطاب رضي الله عنه مرفوعاً: «إنما الأعمال بِالنيَّات، وإنما لكل امرئ ما نوى، فمن كانت هجرتُه إلى الله ورسوله فهجرتُه إلى الله ورسوله، ومن كانت هجرتُه لدنيا يصيبها أو امرأةٍ ينكِحها فهجرته إلى ما هاجر إليه».
[صحيح] - [متفق عليه]
المزيــد ...

‘ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফূ‘ হিচাপে বর্ণিত, “সকলো কাম (ৰ প্রাপ্য) হ’ব নিয়্যত অনুযায়ী, আৰু মানুহে তাৰ নিয়্যত অনুযায়ী প্রতিফল পাব। গতিকে যিয়ে পাৰ্থিৱ লাভৰ বাবে অথবা কোনো মহিলাক বিবাহ কৰাৰ উদ্দেশ্যে হিজৰত কৰিব, তেন্তে তাৰ হিজৰত সেই উদ্দেশ্যেই কবূল হ’ব, যি উদ্দেশ্যত সি হিজৰত কৰিছে’। ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

এইটো এটা মহান হাদীছ। কিছুমান উলামাই ইয়াক ইছলামৰ এক-তৃতীয়াংশ বুলি আখ্যায়িত কৰিছে। মুমিনে নিয়্যতৰ শুদ্ধতা অনুযায়ী আমলৰ ছোৱাব লাভ কৰে। এতেকে যিয়ে নিৰ্ভেজালভাৱে আল্লাহৰ বাবে আমল কৰিব, তাৰ আমল গ্ৰহণযোগ্য হ'ব, যদিও পৰিমাণত কম নহওক কিয়, কিন্তু চৰ্ত হৈছে ছুন্নত অনুযায়ী হ’ব লাগিব। আনহাতে তাৰ আমল যদি লোকক দেখুৱাবলৈ কৰা হৈছে, নিৰ্ভেজালভাৱে আল্লাহৰ কাৰণে কৰা হোৱা নাই, তেন্তে সেই আমল প্রত্যাখ্যাত, পৰিমাণত যিমানেই বেছি নহওক কিয় তথা যিমানেই মহান আমল নহওক কিয়। যি আমলৰ দ্বাৰা আল্লাহৰ সন্তুষ্টিৰ বাহিৰে অন্য কিবা আশা কৰা হয়, সেই আশা কৰা বস্তু নাৰী হওক বা সম্পদ নাইবা সন্মান ইত্যাদি আনকি দুনিয়াবী যিকোনো বস্তুৱে হওক, সেইটো আশাকাৰীৰ ওপৰত নিক্ষেপ কৰা হ’ব। আল্লাহ তা‘আলাই তাৰ পৰা একোৱেই কবুল নকৰে। গতিকে নেক আমলসমূহ কবুল হোৱাৰ চর্ত হৈছে দুটা, প্ৰথম চৰ্ত হৈছে আমলটো হ’ব লাগিব নিৰ্ভেজালভাৱে একমাত্র আল্লাহৰ বাবে, আৰু দ্বিতীয় চৰ্ত হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদর্শ অনুযায়ী হ’ব লাগিব।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ইখলাছৰ প্রতি উৎসাহ প্রদান কৰা হৈছে। কাৰণ আল্লাহে কেৱল সেইটো আমলেই কবুল কৰে যিটোৰ দ্বাৰা তেওঁৰ সন্তুষ্টি আশা কৰা হয়।
  2. যিবোৰ আমলৰ দ্বাৰা আল্লাহৰ নৈকট্য লাভ কৰা হয়, যদি কোনো ব্যক্তিয়ে সেইবোৰ অভ্যাসগতভাৱে পালন কৰে, তেন্তে সেই ব্যক্তিয়ে ছোৱাব লাভ নকৰিব, যদিও সেইবোৰ বিশুদ্ধ হয়, যেতিয়ালৈকে সি এইবোৰ আমলৰ দ্বাৰা আল্লাহৰ নৈকট্য অৰ্জনৰ আশা নকৰিব।
  3. আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালে হিজৰতৰ ফযীলত। এইটো নেক আমলসমূহৰ অন্যতম। কাৰণ, ইয়াৰ দ্বাৰা আল্লাহৰ সন্তুষ্টি কামনা কৰা হয়।
  4. এই হাদীছটো সেইসমূহ হাদীছৰ অন্তৰ্ভুক্ত যিবোৰৰ ওপৰত ইছলামৰ ভিত্তি স্থাপিত। এই কাৰণেই উলামাসকলে কৈছে, ইছলামৰ অধিকাংশ বিষয় এই দুটা হাদীছৰ ওপৰত নিৰ্ভৰশীল। সেই হাদীছ দুটাৰ এটা হৈছে উপৰোক্ত হাদীছ আৰু আনটো হৈছে আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ এইটো হাদীছ, ‘যি ব্যক্তিয়ে এনেকুৱা কোনো আমল কৰিলে যিটোৰ বিষয়ে আমাৰ কোনো নির্দেশনা নাই সেইটো প্রত্যাখ্যাত’। আলোচ্য হাদীছটো হৈছে অন্তৰৰ আমলসমূহৰ মূল। এতেকে এইটো বাতিনী আমলসমূহৰ মাপকাঠী। আনহাতে আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ এই হাদীছটো হৈছে অঙ্গ-প্ৰত্যঙ্গৰ দ্বাৰা কৰা আমলসমূহৰ মূল।
  5. এটা ইবাদতক আন এটা ইবাদতৰ পৰা পৃথক কৰা খুবেই জৰুৰী। অনুৰূপভাৱে ইবাদতক মু‘আমালাতৰ পৰা পৃথক কৰাও জৰুৰী। কেৱল নিয়্যতৰ মাধ্যমতহে দেখাত একেই আমলৰ মাজত পাৰ্থক্য কৰা সম্ভৱ।
  6. উদ্দেশ্য নথকা আমল হৈছে অনর্থক। ইয়াৰ বিনিময়ত কোনো বিধান বা বিনিময় দিয়া নহয়।
  7. যি ব্যক্তিয়ে নিৰ্ভেজালভাৱে আমল কৰিব, তেওঁ বিধানগতভাৱে আৰু প্ৰতিদান অৰ্জনত সফল হ’ব আৰু তাৰ আমলো বিশুদ্ধ হ’ব। লগতে চৰ্ত অনুযায়ী আমল কৰিলে ছোৱাবও লাভ কৰিব।
  8. নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰ উদ্দেশ্যে যদি আমল কৰা নহয় তেন্তে সেই আমল ব্যৰ্থ হ’ব।
  9. পাৰ্থিৱ চাহিদা আৰু কামনা-বাসনাক তুচ্ছ বুলি গণ্য কৰা হৈছে। কাৰণ, তেখেতে কৈছে, (তাৰ হিজৰত সেই কাৰণেই হ’ব যি কাৰণত সি হিজৰত কৰে।) যিয়ে দুনিয়াবী উদ্দেশ্যত হিজৰত কৰে তাৰ প্ৰাপ্যক অস্পষ্ট ৰখা হৈছে আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ উদ্দেশ্যে হিজৰত কৰে তাৰ ছোৱাব আৰু প্ৰাপ্যক স্পষ্ট কৰা হৈছে। এইটো হৈছে বর্ণনাৰ সৌন্দর্য্য আৰু ভাষাৰ পাণ্ডিত্য।
অধিক