শ্ৰেণীবিন্যাস: ফজীলত আৰু শিষ্টাচাৰসমূহ .

عَنْ عَبْدِ اللهِ بْنِ مَسْعُودٍ رَضيَ اللهُ عنهُ قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ:
«لاَ تَتَّخِذُوا الضَّيْعَةَ فَتَرْغَبُوا فِي الدُّنْيَا».

[حسن لغيره] - [رواه الترمذي وأحمد] - [سنن الترمذي: 2328]
المزيــد ...

আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকে অতিৰিক্ত সা-সম্পত্তিৰ অধিকাৰী নহ'বা, অন্যথা দুনিয়াৰ প্ৰতি আসক্ত হৈ পৰিবা।"

[حسن لغيره] - [(তিৰমিজী, আহমদ)] - [ছুনান তিৰমিজী - 2328]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সা-সম্পত্তিৰ পাহাৰ গঢ়িবলৈ, বাগ-বাগিচা আৰু খেতি-বাতি আৰু শিল্প-ব্যৱসায়ত বিভোৰ হ'বলৈ নিষেধ কৰিছে, কিয়নো এইবোৰ হৈছে আখিৰাতক অৱজ্ঞা কৰি দুনিয়াৰ প্ৰতি মোহিত হোৱাৰ অন্যতম কাৰণ।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. হাদীছটোত পাৰ্থিৱ সা-সম্পত্তি অধিক পৰিমাণে সঞ্চয় কৰিবলৈ নিষেধ কৰা হৈছে, কাৰণ ইয়াৰ ফলত আখিৰাতৰ প্ৰতি অমনোযোগিতা বৃদ্ধি পায়।
  2. হাদীছটোত জীৱিকা উপাৰ্জন কৰিবলৈ নিষেধ কৰা নাই, বৰং আখিৰাতক পাহৰি কেৱল দুনিয়াৰ প্ৰতি মোহিত হৈ পাৰ্থিৱ সম্পদ সঞ্চয় কৰিবলৈহে নিষেধ কৰা হৈছে।
  3. ছিন্ধীয়ে কৈছেঃ ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে, সা-সম্পত্তি সঞ্চয়ত ইমান মচগুল হৈ নপৰিবা যে, আল্লাহৰ জিকৰৰ পৰা অমনোযোগী হৈ পৰিবা।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (37)
অধিক