عَنْ عَبْدِ اللهِ بْنِ مَسْعُودٍ رَضيَ اللهُ عنهُ قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ:
«لاَ تَتَّخِذُوا الضَّيْعَةَ فَتَرْغَبُوا فِي الدُّنْيَا».
[حسن لغيره] - [رواه الترمذي وأحمد] - [سنن الترمذي: 2328]
المزيــد ...
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকে অতিৰিক্ত সা-সম্পত্তিৰ অধিকাৰী নহ'বা, অন্যথা দুনিয়াৰ প্ৰতি আসক্ত হৈ পৰিবা।"
[হাছান লিগাইৰিহি] - [(তিৰমিজী, আহমদ)] - [ছুনান তিৰমিজী - 2328]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সা-সম্পত্তিৰ পাহাৰ গঢ়িবলৈ, বাগ-বাগিচা আৰু খেতি-বাতি আৰু শিল্প-ব্যৱসায়ত বিভোৰ হ'বলৈ নিষেধ কৰিছে, কিয়নো এইবোৰ হৈছে আখিৰাতক অৱজ্ঞা কৰি দুনিয়াৰ প্ৰতি মোহিত হোৱাৰ অন্যতম কাৰণ।