عَنِ ابْنِ عُمَرَ رَضِيَ اللَّهُ عَنْهُمَا قَالَ:
فَرَضَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ زَكَاةَ الفِطْرِ صَاعًا مِنْ تَمْرٍ، أَوْ صَاعًا مِنْ شَعِيرٍ، عَلَى العَبْدِ وَالحُرِّ، وَالذَّكَرِ وَالأُنْثَى، وَالصَّغِيرِ وَالكَبِيرِ مِنَ المُسْلِمِينَ، وَأَمَرَ بِهَا أَنْ تُؤَدَّى قَبْلَ خُرُوجِ النَّاسِ إِلَى الصَّلاَةِ.
[صحيح] - [متفق عليه] - [صحيح البخاري: 1503]
المزيــد ...
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফিতৰা হিচাপে এক ছা পৰিমাণ খেজুৰ অথবা এক ছা যৱ, প্ৰতিজন স্বাধীন আৰু পৰাধীন, পুৰুষ আৰু নাৰী, আনকি সৰু বৰ সকলো মুছলিমৰ ওপৰতে অনিবাৰ্য্য কৰিছে। লগতে তেখেতে নিৰ্দেশ দিছে যে, ঈদৰ নামাজৰ পূৰ্বেই যাতে এইটো আদায় দিয়া হয়।
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 1503]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমাজানৰ শেষত ফিতৰা আদায় কৰাটো অনিবাৰ্য্য কৰিছে। ইয়াৰ পৰিমাণ হৈছে এক ছা, অৰ্থাৎ চাৰি মুদ্দ। মুদ্দ কোৱা হয়ঃ এজন মধ্যম পৰ্যায়ৰ সাধাৰণ লোকৰ দুয়ো হাত একেলগ কৰি পোৱা আয়তনক। এই ফিতৰা আদায় কৰিব লাগে প্ৰতিজন মুছলিমৰ ফালৰ পৰা, স্বাধীন হওক বা পৰাধীন, পুৰুষ হওক বা নাৰী, সৰু হওক বা ডাঙৰ। নিজৰ আৰু পৰিয়ালৰ বাবে এদিন আৰু এক ৰাতি অতিবাহিত কৰিব পৰা খাদ্যৰ অতিৰিক্ত থাকিলেই সেই ব্যক্তিয়ে ফিতৰা আদায় কৰিব লাগে। মানুহে ঈদৰ নামাজৰ বাবে ওলাই যোৱাৰ পূৰ্বেই এই ফিতৰা আদায় দিব লাগে।