عَنْ أَبِي سَعِيدٍ الْخُدْرِيِّ رضي الله عنه قَالَ:
كُنَّا نُخْرِجُ إِذْ كَانَ فِينَا رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ زَكَاةَ الْفِطْرِ، عَنْ كُلِّ صَغِيرٍ وَكَبِيرٍ، حُرٍّ أَوْ مَمْلُوكٍ، صَاعًا مِنْ طَعَامٍ، أَوْ صَاعًا مِنْ أَقِطٍ، أَوْ صَاعًا مِنْ شَعِيرٍ، أَوْ صَاعًا مِنْ تَمْرٍ، أَوْ صَاعًا مِنْ زَبِيبٍ، فَلَمْ نَزَلْ نُخْرِجُهُ حَتَّى قَدِمَ عَلَيْنَا مُعَاوِيَةُ بْنُ أَبِي سُفْيَانَ رضي الله عنه حَاجًّا، أَوْ مُعْتَمِرًا فَكَلَّمَ النَّاسَ عَلَى الْمِنْبَرِ، فَكَانَ فِيمَا كَلَّمَ بِهِ النَّاسَ أَنْ قَالَ: إِنِّي أَرَى أَنَّ مُدَّيْنِ مِنْ سَمْرَاءِ الشَّامِ، تَعْدِلُ صَاعًا مِنْ تَمْرٍ، فَأَخَذَ النَّاسُ بِذَلِكَ، قَالَ أَبُو سَعِيدٍ: فَأَمَّا أَنَا فَلَا أَزَالُ أُخْرِجُهُ كَمَا كُنْتُ أُخْرِجُهُ، أَبَدًا مَا عِشْتُ.

[صحيح] - [متفق عليه] - [صحيح مسلم: 985]
المزيــد ...

আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত সৰু বৰ প্ৰত্যেকৰে ফালৰ পৰা, স্বাধীন হওক বা পৰাধীন ফিতৰা হিচাপে এক ছা পৰিমাণ খাদ্য দ্ৰৱ্য, এক ছা পনীৰ অথবা এক ছা যৱ, নাইবা এক ছা খেজুৰ অথবা এক ছা কিছমিছ আদায় কৰিছিলোঁ। এনেকৈয়ে আমি ফিতৰা আদায় কৰি আছিলোঁ। যেতিয়া মুআৱিয়া বিন আবি ছুফিয়ান ৰাদ্বিয়াল্লাহু আনহু হজ্জ অথবা ওমৰাৰ উদ্দেশ্যে আমাৰ ইয়ালৈ আহিল, আৰু তেখেতে মানুহৰ সন্মুখত ভাষণ দি ক'লেঃ মোৰ মতে ছিৰিয়াৰ দুই মুদ্দ ৰঙা ঘেঁহু হৈছে এক ছা খেজুৰৰ সমান। ইয়াৰ পিছত মানুহে তেওঁৰ এই অভিমতটোকে মানি ল'লে। আবু ছাঈদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ (মই প্ৰতিজ্ঞা লৈছিলোঁ যে,) মই যিমান দিনলৈ জীৱিত থাকিম, তেতিয়ালৈকে আগৰ নিয়ম মতেই দি যাম, যেনেকৈ ইতিপূৰ্বে দি আহিছিলোঁ।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 985]

ব্যাখ্যা

মুছলিমসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত আৰু খুলাফায়ে ৰাশ্বিদীনৰ সময়ত, লগতে ইয়াৰ পিছতো সৰু বৰ প্ৰত্যেকৰে ফালৰ পৰা এক ছা পৰিমাণ খাদ্য দ্ৰৱ্য ফিতৰা হিচাপে আদায় কৰিছিল। সেই সময়ত তেওঁলোকৰ খাদ্য দ্ৰৱ্য আছিল, যৱ, কিছমিছ বা শুকান আঙুৰ, পনীৰ আৰু খেজুৰ আদি। চাৰি মুদে হৈছে এক ছা। এক মুদ হৈছে এজন সাধাৰণ মানুহৰ দুয়ো হাত একত্ৰিত কৰি হোৱা আয়তনৰ সমান। মুআৱিয়া ৰাদ্বিয়াল্লাহু আনহু খলীফা থকা অৱস্থাত তেওঁ যেতিয়া মদিনালৈ আহিল, সেই সময়ত ছিৰিয়াত ঘেঁহুৰ উৎপাদন বেছি হৈছিল। তেখেত আহি ভাষণ দি ক'লেঃ মোৰ মতে ছিৰিয়াৰ দুই মুদ ঘেঁহু (অৰ্থাৎ অৰ্দ্ধেক ছা) হৈছে এক মুদ খেজুৰৰ সমান। এই শুনি মানুহে সেইটোৱে গ্ৰহণ কৰিলে। আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ কিন্তু মই যিদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত ফিতৰা আদায় কৰিছিলোঁ সেইদৰে আদায় কৰি আছোঁ আৰু কৰি যাম।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত আদায় কৰা ফিতৰাৰ পৰিমাণ সম্পৰ্কে বৰ্ণনা দিয়া হৈছে যে, সেই সময়ত এক ছা পৰিমাণ খাদ্য দ্ৰৱ্য ফিতৰা দিয়া হৈছিল। যদিও মূল্য আৰু উপাদান বেলেগ বেলেগ আছিল।
  2. মানুহৰ প্ৰতিটো খাদ্য দ্ৰৱ্যৰে ফিতৰা আদায় দিয়া বৈধ। যদিও ইয়াত চাৰি ধৰণৰ খাদ্যৰ কথা উল্লেখ আছে। কিয়নো এইবোৰ আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত সাধাৰণতে উপলব্ধ থকা খাদ্য।
  3. খাদ্য দ্ৰৱ্যৰ বাহিৰে টকা-পইচা তথা মুদ্ৰাৰ জৰিয়তে ফিতৰা আদায় কৰা বৈধ নহয়।
  4. ইমাম নাৱাৱীয়ে মুছলিমৰ ব্যাখ্যা গ্ৰন্থত কৈছেঃ যদি চাহাবাসকলৰ মাজত কোনো বিষয়ত মতভেদ পোৱা যায়, তেন্তে এজনৰ কথাক আনজনৰ ওপৰত প্ৰাধান্য দিয়াটো ঠিক নহয়। এনে ক্ষেত্ৰত আমি বেলেগ কোনো প্ৰমাণৰ ফালে উভতিব লাগে। যিহেতু হাদীছৰ প্ৰকাশ্য অৰ্থ আৰু কিয়াছ দুয়োটাই এই বিষয়ত একমত যে, ঘেঁহু আৰু অন্যান্য খাদ্য দ্ৰৱ্যত এক ছা পৰিমাণ হোৱাটো চৰ্ত, সেয়ে এইটোকে মানি লোৱা অনিবাৰ্য্য।
  5. ইবনে হাজাৰ ৰাহিমাহুল্লাহে কৈছেঃ আবু ছাঈদৰ হাদীছৰ দ্বাৰা প্ৰমাণিত হয় যে, তেওঁ নবীৰ অনুসৰণৰ ক্ষেত্ৰত অত্যন্ত কঠোৰ আছিল আৰু ছুন্নতক মজবুতভাৱে ধাৰণ কৰিছিল। উপযুক্ত প্ৰমাণৰ উপস্থিতিৰ কাৰণে তেওঁ ইজতিহাদ গ্ৰহণ কৰা নাছিল। পক্ষান্তৰে মুআৱিয়াৰ উপদেশ আৰু মানুহে দিয়া সন্মতিয়ে প্ৰমাণ কৰে যে, ইজতিহাদ কৰা বৈধ। লগতে এইটো হৈছে প্ৰশংসনীয়। কিন্তু যদি প্ৰমাণ উপস্থিত থাকে তেনে ক্ষেত্ৰত ইজতিহাদ কৰাটো হৈছে ভুল তথা অনুচিত।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী থাই পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী নেপালী দাৰী ছাৰ্বিয়ান ৰোমানিয়ান হাংগেৰী الموري মালাগাছী ওৰোমো কান্নাড়া الولوف ইউক্ৰেইনীয়ান الجورجية المقدونية الخميرية البنجابية الماراثية
অনুবাদ চাওক