عَنْ سَهْلِ بْنِ سَعْدٍ رَضِيَ اللهُ عَنْهُ أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«لَا يَزَالُ النَّاسُ بِخَيْرٍ مَا عَجَّلُوا الْفِطْرَ».

ছাহল বিন ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ
"মানুহে তেতিয়ালৈকে কল্যাণত থাকিব, যেতিয়ালৈকে ইফতাৰ কৰাত পলম নকৰিব।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ মুছলিম - 1098

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যেতিয়ালৈকে মানুহে ছুন্নতৰ ওপৰত আমল কৰি, চৰীয়তৰ নিয়মানুযায়ী সীমাৰেখাৰ খিয়াল ৰাখি, সূৰ্য্য অস্ত হৈছে বুলি নিশ্চিত হোৱাৰ পিছত ৰোজা ইফতাৰ কৰাত পলম নকৰিব, তেতিয়ালৈকে তেওঁলোক কল্যাণত থাকিব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. ইমাম নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ হাদীছটোত সূৰ্য্য অস্ত যোৱাৰ পিছত লগে লগে ইফতাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে। অৰ্থাৎ যেতিয়ালৈকে মানুহে এনেকৈ ছুন্নতৰ ওপৰত আমল কৰিব তেতিয়ালৈকে তেওঁলোকে কল্যাণৰ ওপৰত প্ৰতিষ্ঠিত থাকিব। আনহাতে ইফতাৰত পলম কৰাটো হৈছে বিপৰ্যয়ত পতিত হোৱাৰ লক্ষণ।
  2. কল্যাণৰ ওপৰত ব্ৰতী থকাৰ অন্যতম এটা উপায় হৈছে ছুন্নতৰ অনুসৰণ কৰা। পক্ষান্তৰে বিপৰ্যয়ত পতিত হোৱাৰ কাৰণ হৈছে ছুন্নতক বিকৃত কৰা।
  3. আহলে কিতাব আৰু বিদআতীসকলৰ বিৰোধিতা কৰিব লাগে। কাৰণ সিহঁতে ইফতাৰ কৰাত পলম কৰে।
  4. ইবনু হাজাৰে কৈছে: হাদীছটোত ইয়াৰ কাৰণো উল্লেখ আছে। মুহাল্লাবে কৈছে: ইয়াৰ এটা হিকমত হৈছে, ৰাতিৰ অংশক দিনৰ সৈতে যাতে মিলোৱা নহয়, লগতে ৰোজাদাৰৰ বাবে যাতে সহজ হয় আৰু ইয়াৰ ফলত ইবাদতৰ বাবে অধিক শক্তি আহৰণ কৰিব পাৰে। উলামাসকল এই বিষয়ত একমত যে, ইয়াৰ বাবে চৰ্ত হৈছে সূৰ্যাস্তৰৰ বিষয়টো দৃষ্টিৰ মাধ্যমত নিশ্চিত হ'ব লাগিব, নাইবা দুজন ন্যায়পৰায়ণ ব্যক্তিয়ে জনাব লাগিব, আনকি সঠিক মত অনুযায়ী এজন ন্যায়পৰায়ণ ব্যক্তিয়ে সাক্ষ্য দিলেও গ্রহণযোগ্য হ'ব।
  5. ইবনু হাজাৰে কৈছেঃ বিঃদ্ৰঃ! ঘৃণিত বিদআতসমূহৰ মাজত অন্যতম এটা বিদআত যিটো আজি কালি দেখিবলৈ পোৱা যায়, সেয়া হৈছে ৰমজান মাহত ফজৰৰ প্ৰায় পোন্ধৰ মিনিট আগতে ফজৰৰ আজান দিয়া হয়। এইদৰে প্ৰদীপ বা আলোকবৰ্তিকা আদি নুমাই দিয়া হয়, এই কাৰণে যে, এতিয়া আৰু চিয়াম পালনকাৰীয়ে পানাহাৰ কৰিব নোৱাৰিব তথা এতিয়া খোৱা বোৱা কৰা হাৰাম। এইবোৰ বিদআত যিসকলে জাৰি কৰিছে, সিহঁতে দাবী কৰে যে, এইটো হৈছে ইবাদতৰ ক্ষেত্ৰত সাৱধানতাহে। কিন্তু বিষয়টো খুব কম লোকেহে গম পায়। এইদৰে সিহঁতে ইফতাৰৰ সময়তো সূৰ্য্য অস্ত যোৱাৰ পিছতো কিছু পলমকৈ আজান দিয়ে। এতেকে সিহঁতে ইফতাৰৰ ক্ষেত্ৰত পলম কৰে, আৰু চাহৰীৰ ক্ষেত্ৰত খৰখেদা কৰে, এইদৰে সিহঁতে ছুন্নতৰ বিৰোধিতা কৰে। এই কাৰণেই সিহঁতৰ মাজত কল্যাণ হ্ৰাস পাইছে আৰু অকল্যাণ বৃদ্ধি পাইছে। আল্লাহেই সহায়কাৰী।

অনুবাদ চাওক

47 ভাষা
EN English الإنجليزية
UR اردو الأوردية
ES Español الإسبانية
ID Indonesia الإندونيسية
UG ئۇيغۇرچە الأيغورية
BN বাংলা البنغالية
TR Türkçe التركية
RU Русский الروسية
BS Bosanski البوسنية
SI සිංහල السنهالية
HI हिन्दी الهندية
ZH 中文 الصينية
FA فارسی الفارسية
VI Tiếng Việt الفيتنامية
TL Tagalog تجالوج
KU Kurdî الكردية
HA Hausa الهوسا
PT Português البرتغالية
ML മലയാളം المليالم
TE తెలుగు التلغو
SW Kiswahili السواحيلية
TA தமிழ் التاميلية
MY မြန်မာ البورمية
TH ไทย التايلندية
DE Deutsch الألمانية
PS پښتو بشتو
SQ Shqip الألبانية
SV Svenska السويدية
AM አማርኛ الأمهرية
NL Nederlands الهولندية
GU ગુજરાતી الغوجاراتية
NE नेपाली النيبالية
PRS دری الدرية
SR Српски الصربية
RO Română الرومانية
HU Magyar المجرية
MOS Moore الموري
MG Malagasy المالاجاشية
OM Oromoo الأورومو
KN ಕನ್ನಡ الكانادا
WO Wolof الولوف
UK Українська الأوكرانية
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية