+ -

عَنْ عَبْدِ اللَّهِ بْنِ عُمَرَ رَضِيَ اللَّهُ عَنْهُمَا:
أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ وَهُوَ عَلَى المِنْبَرِ، وَذَكَرَ الصَّدَقَةَ، وَالتَّعَفُّفَ، وَالمَسْأَلَةَ: «اليَدُ العُلْيَا خَيْرٌ مِنَ اليَدِ السُّفْلَى، فَاليَدُ العُلْيَا: هِيَ المُنْفِقَةُ، وَالسُّفْلَى: هِيَ السَّائِلَةُ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 1429]
المزيــد ...

আব্দুল্লাহ ইবনে ওমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে,
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ মিম্বৰৰ ওপৰত থিয় হৈ চাদাক্বাহ সম্পৰ্কে বৰ্ণনা কৰিলে, লগতে ভিক্ষাবৃত্তিৰ পৰা বিৰত থকা আৰু খুজি মাগি খোৱা সম্পৰ্কে উল্লেখ কৰি ক'লেঃ "তলৰ হাততকৈ ওপৰৰ হাত উত্তম। ওপৰৰ হাত হৈছে দাতাৰ আৰু তলৰ হাত হৈছে ভিখাৰীৰ।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 1429]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মিম্বৰৰ ওপৰত থিয় হৈ চাদাক্বাহ আৰু খুজি মাগি খোৱাৰ পৰা বিৰত থকা সম্পৰ্কে খুতবা প্ৰদান কৰি ক'লেঃ ওপৰৰ দানকাৰী আৰু ব্যয়কাৰী হাতখন আল্লাহৰ ওচৰত তলৰ ভিখাৰী হাততকৈ উত্তম তথা প্ৰিয়।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. এই হাদীছটোত সৎপথত দান কৰাৰ তথা ব্যয় কৰাৰ ফজীলত বৰ্ণিত হৈছে আৰু ভিক্ষাবৃত্তিক নিন্দা কৰা হৈছে।
  2. হাদীছটোত খুজি মাগি খোৱাৰ পৰা বিৰত থাকিবলৈ আৰু মানুহৰ পৰা অমুখাপেক্ষী হ'বলৈ উৎসাহিত কৰা হৈছে। লগতে সৎকৰ্ম কৰিবলৈ আৰু বেয়া কৰ্ম পৰিত্যাগ কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰণ মহান আল্লাহে সৎকৰ্মক পছন্দ কৰে।
  3. পুণ্যৰ দিশৰ পৰা হাত হৈছে চাৰি প্ৰকাৰঃ আটাইতকৈ উত্তম হাত হৈছে, যি হাতে দান কৰে। দ্বিতীয়টো হৈছে সেই হাত, যিটো লোৱাৰ পৰা বিৰত থাকে। তৃতীয় হৈছে সেই হাত, যিটো নোখোজাকৈ গ্ৰহণ কৰে। চতুৰ্থ হৈছে সেই হাত, যিটো সদায় মানুহৰ আগত পাতি থাকে ভিক্ষাবৃত্তিৰ উদ্দেশ্যে।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা শ্বাহিলী তামিল ৰোমানিয়ান হাংগেৰী الجورجية
অনুবাদ চাওক
অধিক