عَنْ مُعَاذٍ رَضِيَ اللَّهُ عَنْهُ:
أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ لَمَّا وَجَّهَهُ إِلَى الْيَمَنِ أَمَرَهُ أَنْ يَأْخُذَ مِنَ الْبَقَرِ مِنْ كُلِّ ثَلَاثِينَ تَبِيعًا أَوْ تَبِيعَةً، وَمِنْ كُلِّ أَرْبَعِينَ مُسِنَّةً، وَمِنْ كُلِّ حَالِمٍ -يَعْنِي مُحْتَلِمًا- دِينَارًا أَوْ عَدْلَهُ مِنَ المَعَافِرِ، ثِيَابٌ تَكُونُ بِالْيَمَنِ.  
                        
[صحيح بشواهده] - [رواه أبو داود والترمذي والنسائي وابن ماجه وأحمد] - [سنن أبي داود: 1576]
                        
 المزيــد ... 
                    
মুআজ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক যেতিয়া য়ামানলৈ প্ৰেৰণ কৰিছিল তেতিয়া তেখেতে তেওঁক নিৰ্দেশ দিছিল যে, তেওঁ যেন প্ৰত্যেক ত্ৰিছটা গৰুৰ বিপৰীতে একোটাকৈ এবছৰীয়া গো-পোৱালী মাইকী হওক বা মতা (যাকাত হিচাপে) সংগ্ৰহ কৰে। আনহাতে প্ৰত্যেক চল্লিশটাৰ বিপৰীতে যেনে এটাকৈ দুবছৰীয়া পোৱালী লয়। এইদৰে প্ৰত্যেক প্ৰাপ্ত বয়স্ক লোকৰ বিপৰীতে এক দীনাৰ অথবা সেই মূল্যৰ মুআফিৰী কাপোৰ লয়। এইটো হৈছে য়ামানত প্ৰস্তুত হোৱা এবিধ কাপোৰ। 
                                                     
                                                                                                    
[অন্যান্য হাদীছৰ সমৰ্থনত ছহীহ] -  - [ছুনান আবি দাঊদ - 1576]                                            
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুআজ বিন জাবালক য়ামানলৈ প্ৰেৰণ কৰিছিল, যাতে তেওঁ সিহঁতক ইছলামৰ প্ৰতি আহ্বান কৰে আৰু সিহঁতক ইছলামৰ বিধানসমূহ শিকায়। সেই নিৰ্দেশনাসমূহৰ ভিতৰত আছিল যে, তেওঁ যেন মুছলিমসকলৰ পৰা যাকাত সংগ্ৰহ কৰে প্ৰত্যেক ত্ৰিছটা গৰুৰ বিপৰীতে এটা সৰু (এবছৰীয়া) দামুৰি নাইবা সৰু মাইকী পোৱালী। আনহাতে প্ৰত্যেক চল্লিশটা গৰুৰ বিপৰীতে এটা নূন্যতম দুবছৰীয়া পোৱালী। পক্ষান্তৰে তেওঁ যেন আহলে কিতাবৰ পৰা অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানৰ পৰা কৰ সংগ্ৰহ কৰে, প্ৰত্যেক প্ৰাপ্তবয়স্ক লোকৰ পৰা এক দীনাৰ অথবা তাৰ সমপৰিমাণৰ য়ামানী মুআফিৰী কাপোৰ।