عن أنس رضي الله عنه أن النبي صلى الله عليه وسلم قال:
«جَاهِدُوا المشركين بأموالكم وأنفسكم وألسنتكم».

[صحيح] - [رواه أبو داود والنسائي وأحمد] - [سنن أبي داود: 2504]
المزيــد ...

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"নিজৰ ধন-সম্পদ, প্ৰাণ আৰু জিভাৰ দ্বাৰা মুশ্বৰিকসকলৰ সৈতে সংগ্ৰাম কৰা।"

[ছহীহ] - [رواه أبو داود والنسائي وأحمد] - [ছুনান আবি দাঊদ - 2504]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কাফিৰ মুশ্বৰিকৰ সৈতে সক্ষম অনুযায়ী সৰ্বতো প্ৰকাৰে সংগ্ৰাম কৰিবলৈ নিৰ্দেশ দিছে। যাতে আল্লাহৰ কলিমা সৰ্বোচ্চ থাকে। ইয়াৰ বাবে কৰিবলগীয়া কেইটামান কাম যেনে-
প্ৰথমঃ যুদ্ধত নিজৰ সম্পদ ব্যয় কৰা। যেনে- মুজাহিদৰ ভৰণ-পোষণ আৰু অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰাত ব্যয় কৰা।
দ্বিতীয়ঃ নিজে যুদ্ধত অংশ গ্ৰহণ কৰা, সিহঁতৰ মুখামুখী মুকাবিলা কৰা আৰু প্ৰতিৰক্ষা কৰা।
তৃতীয়ঃ সিহঁতক মৌখিকভাৱে দ্বীনৰ প্ৰতি আহ্বান কৰা, সিহঁতৰ ওপৰত প্ৰমাণ সাব্যস্ত কৰা, সিহঁতৰ ভুল ধাৰণাৰ খণ্ডন কৰা।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. ধন-সম্পদ, প্ৰাণ আৰু জিভাৰ দ্বাৰা সিহঁতৰ সৈতে জিহাদ কৰিবলৈ উৎসাহিত কৰা হৈছে। প্ৰত্যেকেই নিজৰ সক্ষম অনুযায়ী দায়িত্ব পালন কৰিব লাগে। কেৱল যুদ্ধ ক্ষেত্ৰত শত্ৰুৰ মুকাবিলা কৰাকে জিহাদ বুলি কোৱা নহয়।
  2. জিহাদৰ এই নিৰ্দেশ হৈছে ওৱাজিব। কেতিয়াবা প্ৰত্যেকৰে ওপৰত ফৰজ হৈ পৰে, আকৌ কেতিয়াবা কিছুমানে কৰিলেই যথেষ্ট হয়।
  3. মহান আল্লাহে কেইবাটাও ক্ষেত্ৰত জিহাদৰ নিৰ্দেশ দিছে। ১- শ্বিৰ্ক আৰু মুশ্বৰিকৰ বিৰোধ কৰিবলৈ সংগ্ৰাম কৰা, কিয়নো আল্লাহে কেতিয়াও শ্বিৰ্ক গ্ৰহণ নকৰে। ২- আল্লাহৰ প্ৰতি আহ্বানৰ ক্ষেত্ৰত সন্মুখীন হোৱা বাধাক আঁতৰ কৰিবলৈ সংগ্ৰাম কৰা। ৩- আক্বীদাক সুৰক্ষিত কৰা, আৰু ইয়াৰ পৰিপন্থী বিষয়বোৰক আঁতৰ কৰিবলৈ সংগ্ৰাম কৰা। ৪- মুছলিমসকলক ৰক্ষা কৰিবলৈ, তেওঁলোকৰ দেশ, সা-সম্পত্তি আদি সুৰক্ষিত কৰিবলৈ প্ৰতিৰক্ষা কৰা আৰু সংগ্ৰাম কৰা।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإندونيسية অধিক (46)
অধিক